নগাঁও,30 ছেপ্তেম্বৰ: বিতৰ্কই পিছ এৰা নাই অসম আৰক্ষীৰ ৷ এইবাৰ অসম আৰক্ষীৰ বাছনি পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ ৷ অভিযোগে যেন এৰা নিদিয়া হৈছে অসম আৰক্ষীৰ নিযুক্তি পৰিষদক ৷ ইফালে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ সময়তে নগাঁৱত অনুষ্ঠিত হৈছিল আৰক্ষীৰ শাৰিৰীক সক্ষমতাৰ বাছনি পৰীক্ষা ৷ কিন্তু এই পৰীক্ষাতো অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে একাংশ মহিলা পৰীক্ষাৰ্থীয়ে ৷ নিৰ্দিষ্ট সময়ৰ লগতে নিয়ম অনুসৰি পৰীক্ষা সংঘটিত নোহোৱাৰ লগতে বোকাময় পথাৰত পৰীক্ষা অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি অসন্তুষ্ট হৈ পৰে মহিলা পৰীক্ষাৰ্থীসকল ৷ ইতিমধ্যে এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা হৈছে লিখিত অভিযোগ ৷
লগতে চাওকঃ ক'ৰণাত জুৰুলা হৈ সহায় ভিক্ষা বৌদ্ধ ভিক্ষুৰ