ETV Bharat / state

ৰূপহী মিনি ষ্টেডিয়াম বেদখলৰ অভিযোগ - ৰূপহীহাটত শিক্ষক আৰু ৰাইজৰ মাজত সংঘাত

ৰূপহীহাটত ৰাজহুৱা খেলপথাৰক বলপূৰ্বক ভাৱে দখল অভিযোগ ৷ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে ৰূপহী মিনি ষ্টেডিয়াম বেদখলৰ অভিযোগ ৷ গ্ৰেজিং ৰিজাৰ্ভত থকা ৰাজহুৱা খেলপথাৰ খন বলপূৰ্বক ভাৱে শিক্ষকে দখল কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

allegations of eviction of Rupahi mini stadium
ৰূপহী মিনি ষ্টেডিয়াম বেদখলৰ অভিযোগ
author img

By

Published : Dec 9, 2020, 9:18 PM IST

ৰূপহীহাট, 9 ডিচেম্বৰ: ৰূপহীহাটৰ ভকতগাঁৱস্থিত ৰূপহী মিনি ষ্টেডিয়ামক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ মাজত সৃষ্টি হৈছে তীব্ৰ সংঘাতৰ ৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে স্কুলখনৰ গইনা লৈ বিদ্যালয়ৰ শিক্ষকে ৰাজহুৱা খেলপথাৰখন বলপূৰ্বক ভাৱে দখল কৰিবলৈ ফলক আঁৰিবলৈ গৈছিল ৷

এই ঘটনাৰ পাছতে শিক্ষক আৰু ৰাইজৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷ শিক্ষক সকলৰ এই কাৰ্যক নিন্দা কৰি উত্তেজিত ৰাইজে ফলকখন ভাঙি পেলায় ৷ ইয়াৰ পাছতে বিষয়টোক কেন্দ্ৰ কৰি দুয়ো পক্ষই আইনৰ কাষ চাপে ৷

ৰূপহী মিনি ষ্টেডিয়াম বেদখলৰ অভিযোগ

ইয়াৰ লগতে চামগুৰি ৰাজহ চক্ৰই ৰূপহী ভকত গাঁও কিছামতৰ দুই নম্বৰ দাগৰ মুঠ 32 বিঘা চৰকাৰী ভূমিৰ পৰা পাঁচ বিঘা মাটি ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা পাতি অহা বুলি প্ৰতিবেদন দি আৱন্টনৰ বাবে ৰাজহ বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজ জাঙুৰ খাই উঠে ।

জানিব পৰা মতে উক্ত ষ্টেডিয়ামত থকা ৰূপহী ভকত গাঁও কিছামতৰ দুই নম্বৰ দাগৰ 32 বিঘা চৰকাৰী ভূমি ৰাজহ বিভাগে গ্ৰেজিং ৰিজাৰ্ভ বুলি নথিভুক্ত কৰি থৈছে আৰু গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি আইন অনুসৰি কোনো ধৰণৰ আৱন্টন দিব নোৱাৰি । তেনেস্থলত সংশ্লিষ্ট লাট মণ্ডলে কি দৰে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি আৱন্টনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ সমগ্ৰ প্ৰক্ৰিয়াক এক ৰহস্য জনক বিষয় বুলি আখ্যা দিয়ে ৷
লগতে পঢ়ক: কৃষি আইনৰ বিৰোধিতাৰে মাহমৰাত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.