ETV Bharat / state

বিহু কমিটিক মুখ্যমন্ত্ৰীয়ে দিয়া সাহাৰ্য্যৰ নামত অনিয়ম - allegation of Irregularities in chief minister financial assistance

এইবাৰ ৰঙালী বিহু উদযাপনৰ নামতো দুৰ্নীতিৰ অভিযোগ । ভুৱা বিহু কমিটিৰ নামত ধন সৰকোৱাৰ চেষ্টা । মাটিৰ দালালি এৰি বিহুৰ নামত দালালিত জড়িত হোৱাৰ অভিযোগ ৰাজহ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে (Irregularities in CMs financial assistance to Bihu committees in Nagaon)।

allegation-of-scam-in-bihu-committee-in-nagaon
বিহু কমিটিক মুখ্যমন্ত্ৰীয়ে দিয়া সাহাৰ্য্যৰ নামত অনিয়ম
author img

By

Published : Apr 6, 2022, 7:23 PM IST

নগাওঁ, 6 এপ্ৰিল : এইবাৰ অসমত ৰঙালী বিহুৰ নামতো দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Irregularities in CMs financial assistance to Bihu committees in Nagaon)। ডেৰ লাখ টকাৰ সাহাৰ্য্যৰ বাবে নিশাটোৰ ভিতৰতে বিহু কমিটি গঠনৰ অভিযোগ । বাপতি সাহোন ৰঙালী বিহু । বিহুৰ নামতো দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে নগাঁৱত ।

শেহতীয়াকৈ কেৱল মুখ্যমন্ত্ৰীৰ সাহাৰ্যৰ বাবে নিশাটোৰ ভিতৰতে নগাঁৱত বহু সন্দেহজনক বিহু কমিটি গঠনৰো অভিযোগ উত্থাপন হৈছে । সন্দেহৰ আৱৰ্তত সোমাই পৰিছে সদৌ নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন কমিটি । কমিটিখনৰ প্ৰতিষ্ঠাপক সভাপতি-সম্পাদকৰ অজ্ঞাতেই আৱণ্টিত হৈছে মুখ্যমন্ত্ৰীৰ ডেৰলাখটকীয়া সাহাৰ্য ।

বিহু কমিটিক মুখ্যমন্ত্ৰীয়ে দিয়া সাহাৰ্য্যৰ নামত অনিয়ম

উল্লেখ্য যে, ২০০৬ চনতে প্ৰথমবাৰৰ বাবে বিহু অনুষ্ঠিত কৰিছিল সদৌ নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে । তাৰ পিছত দুই/তিনি বর্ষ বিহু উদযাপন কৰাৰ পিছত কোনো বিহু উদযাপন নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে খোদ বিহু কমিটি খনৰ প্ৰতিষ্ঠাপক সম্পাদক পলাশ প্ৰতিম হাজৰিকাই ।

কিন্ত এনে স্থলত একেৰাহে দহ বছৰ বিহু উদযাপন কৰা বহু সমিতিক মুখ্যমন্ত্ৰীয়ে দিয়া ডেৰ লাখ টকীয়া সাহাৰ্য্যৰ তালিকাত সদৌ নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈ নগাঁৱত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ডিমৰুগুৰিৰ গান্ধাৰ নামৰ অনুষ্ঠানটিও ।

ইপিনে, আশ্চৰ্য্যজনকভাৱে অসমৰ ভিতৰতে নগাঁৱত সৰ্বাধিক বিহু কমিটিয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্যৰ বাবে আবেদন কৰিছে । নগাঁৱত সৰ্বমুঠ ৪৮খন বিহু উদযাপন কমিটিয়ে মুখ্যমন্ত্ৰীৰ ডেৰলাখটকীয়া সাহাৰ্যৰ বাবে আবেদন কৰিছে যদিও ইয়াৰে মাত্ৰ ৬খন কমিটিয়েহে দাখিল কৰিব পাৰিছে বেংক একাউণ্ট তথা বৈধ প্ৰমাণপত্ৰ ।

অৱশ্যে ভুৱা বিহু কমিটিৰ জন্মৰ অন্তৰালত যে দুষ্টচক্ৰৰ সৈতে একাংশ মণ্ডল-কাননগো জড়িত হৈ আছে সেয়াও এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে । কাৰণ মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালি বন্ধ কৰাৰ পিছত এইবাৰ ৰঙালী বিহুৰ নামত দালালি কৰাৰ বাবে তৎপৰ হৈ পৰিছে এইসকল কৰ্মচাৰী । সেয়ে নগাঁও জিলা উপায়ুক্তক এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছে নগাঁৱৰ ৰাইজে ।

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰিব : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.