কলিয়াবৰ, 24 ছেপ্টেম্বৰ : অসমৰ জন-জীৱনলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদানৰ বিষয়ে নকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই । 575 বছৰৰ পূৰ্বেই অসমৰ ভূমি পবিত্ৰ কৰি যি এক সৰ্বগুণগ্ৰাহী যি এক ধাৰা সৃষ্টি কৰিলে, সেই ধাৰা অসমৰ বুকুয়েদি চিৰকাল বৈ থাকিব । বিভিন্ন অনুপামেৰে তেৰাৰ প্ৰবৰ্তিত এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ বাবে গীত-নাট-বাদ্য-নৃত্যৰ এক অপূৰ্ব সমাহাৰ ঘটাইছিল । সেই চৰ্চা আজিও অসমত প্ৰচলিত হৈ আছে ।
‘‘হৰি নাম ৰসে, বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী ।
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি ৷৷’’
মাধৱদেৱে কোৱাৰ দৰে ‘‘শংকৰদেৱে পাৰ ভাঙি দিলে’’ৰ ৰূপাত্মক ব্যাখ্যা অনেক ধৰণে কৰিব পাৰি । তেওঁ পাৰ ভাঙি দিছিল যাতে নব্য জীৱন বীক্ষা- যি বীক্ষাত আছে কৃষ্ণ ভক্তিৰ মাহাত্ম্যৰ কথা, প্ৰকৃতিৰ কথা, নাটকৰ কথা, গীতৰ কথা, বস্ত্ৰ নির্মাণৰ অভিনৱ কৌশলৰ কথা, থলুৱাভাৱে নিৰ্মাণ কৰা লিখন সামগ্ৰীৰ কথা, নৃত্যৰ কথা, ভাওনাৰ কথা আৰু ৰুচিশীল জীৱনবোধৰ কথা ।
এনে চিন্তাধাৰাৰে সংস্কৃত ভাষাত ৰচিত অব্ৰাহ্মণ লোকৰ পৰা কৌশলেৰে আঁতৰাই ৰখা হিন্দু ধৰ্মৰ সমস্ত পুথি-পাঁজিৰ সাৰভাগ অসমীয়া ভাষালৈ ভাবানুবাদ কৰি শংকৰদেৱে জ্ঞানৰ আলোকেৰে প্ৰতিজন অসমীয়াৰ হৃদয় স্পর্শ কৰিছে । সেই পাৰ ভাঙি দিয়াৰ বাবে এচাম কুচক্ৰীৰ প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ।
কুচক্ৰীৰ ভাবাদৰ্শৰ বিপৰীতে তেওঁ বিচাৰিছিল সকলো জ্ঞান সৰ্বসাধাৰণৰ মাজত তেওঁলোকে বুজি পোৱা ভাষাত আৰু প্ৰয়োজন হ’লে আন নান্দনিক মাধ্যমৰ যোগেদি বিলাই দিব লাগে । সেই জাতিটো, সেই সমাজখন তেহে সমৃদ্ধ হ’ব পাৰে । স্থিতাৱস্থাৰ সমৰ্থকসকলে সকলো ধৰ্মজ্ঞান কুক্ষীগত কৰি তাৰ জৰিয়তে নিজৰ ধৰ্ম-ব্যৱসায় অক্ষুণ্ণ ৰাখি ঐশ্বর্যশালী হ’ব বিচাৰিছিল ।
অৱধাৰিতভাৱে দুই শক্তিৰ প্ৰত্যক্ষ সংঘাতত জাতি-ভেদ প্ৰথাৰ চোক বহু পৰিমাণে কমি আহিছিল । উচ্চ বর্ণজাত লোকে পাপ বুলি ভবা কার্য মহাপুৰুষে জনসাধাৰণৰ মংগলৰ হকে হেলাৰঙে কৰিবলৈ আগবাঢ়িছিল ।
লগতে পঢ়ক : 575th Birth anniversary of Sankardev: বৰপেটা সত্ৰত গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন