ETV Bharat / state

ৰহাত নগাঁও জিলা আক্ৰাছুৰ প্ৰতিবাদ: প্ৰধান মন্ত্ৰীৰ জুমুঠি দাহ

কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ পৰা বঞ্চিত কৰাৰ অভিযোগেৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ আক্ৰাছুৰ(Protest in all over Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নগাঁও জিলাৰ ৰহাতো আক্ৰাছুয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Protest in Raha) ।

author img

By

Published : Sep 16, 2022, 6:35 PM IST

AAKRSU protest in Roha
ৰহাত নগাঁও জিলা আক্ৰাছুৰ প্ৰতিবাদ

ৰহা,১৬ ছেপ্টেম্বৰ: কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান নকৰাক লৈ পুনৰ গৰজি উঠিছে আক্ৰাছু । ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ(Protest in all over Assam) । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নগাঁও জিলাৰ ৰহাতো আক্ৰাছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ । নগাঁও জিলা আক্ৰাছুৱে শুকুৰবাৰে ৰহাৰ নতুন চাৰিআলিত ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ।

দীৰ্ঘদিন ধৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছে যদিও কোচ সকলৰ নায্য দাবীৰ প্ৰতি ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰখনেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । অসমত প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰাৰ আগমূহুৰ্ত্বত ৰাজ্যখনত বিজেপি শাসনলৈ আহিলে ছয় মাহৰ ভিতৰত অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰণ কৰা হব বুলি ভূৱা প্ৰতিশ্ৰুতি দি ৰাজ্যখনত দুবাৰকৈ চৰকাৰ গঠন কৰিলে ।

ৰহাত নগাঁও জিলা আক্ৰাছুৰ প্ৰতিবাদ

কিন্তু অসমৰ ছয় জনগোষ্ঠীক আজিকোপটি জনজাতিকৰণৰ পৰা বঞ্চিতহে কৰি অহা দেখা গ'ল বুলি মত প্ৰকাশ কৰে প্ৰতিবাদকাৰী আক্ৰাছু নেতাসকলে । অতি শেহতীয়াকৈ যোৱা ১৪ ছেপ্তেম্বৰত দেশৰ পাঁ‌চখন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰিছে যদিও অসমৰ ছয় জনগোষ্ঠী পুনৰবাৰ জনজাতিৰ স্বীকৃতিৰ পৰা বঞ্চিত হ'ল(Demand for tribalisation of six communities) ।

সেয়ে জনগোষ্ঠীটোৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে । শুকুৰবাৰে দুপৰীয়া নগাঁও জিলা আক্ৰাছুৰ দলটোৱে ৰহাৰ নতুন চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে দেশৰ প্ৰধান মন্ত্ৰীৰ জুমুঠিও কৰিলে দাহ(AAKRASU effigy burn in Raha) ।

লগতে পঢ়ক: প্ৰসংগ জয়মালা: তামিলনাডু চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.