কলিয়াবৰ, 7 ছেপ্তেম্বৰ: ‘অসম তথা কেন্দ্ৰ চৰকাৰে ৰাজ্যবাসীক কৰিছে প্ৰতাৰণা ৷ কথা দিও কথা ৰাখিব পৰা নাই কেন্দ্ৰীয় চৰকাৰে’ - এইবুলি সোমবাৰে কলিয়াবৰ তিনিআলিত গৰজি উঠে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP) ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে ৷
বৃহৎ নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদত গুঞ্জৰিছে অসমৰ আকাশ-বতাহ ৷ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে, সমগ্ৰ ৰাজ্যতে সোমবাৰে AJYCP য়ে নদীবান্ধৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ AJYCP ৰ প্ৰতিবাদকাৰীৰ হুংকাৰ কোনো কাৰণতে অসমত নিৰ্মাণ হ’বলৈ দিয়া নহ’ব নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্প ৷ উল্লেখ্য যে, অসমত আৰম্ভণিৰে পৰা ৰাজ্যৰ বহু দল-সংগঠনে প্ৰতিবাদ কৰি আহিছিল এই প্ৰকল্পৰ ৷
লগতে পঢ়ক: জিলাই জিলাই বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদ AJYCP ৰ
কিন্তু দল-সংগঠনৰ প্ৰতিবাদেও বাধা দিব পৰা নাই NHPC তথা বিভাগীয় কৰ্তৃপক্ষক ৷ এক প্ৰকাৰে ৰাজ্যৰ জনতাক বুঢ়া আঙুলি দেখুৱাই NHPC য়ে অব্যাহত ৰাখিছে অসম-আৰুণাচল সীমান্তত নামনি সোৱণশিৰি প্ৰকল্পৰ কাম ৷ বৰ্তমান ৰাজ্যবাসীৰ বাবে এই প্ৰকল্প হৈ পৰিছে আত্মঘাতী জলবোমা স্বৰূপ ৷
![AJYCP Protest Against River Dam at Kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12991547_protest.jpg)
লগতে পঢ়ক: কাগজকল সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ আহ্বান AJYCPৰ
প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু NHPC কৰ্তৃপক্ষক সকীয়নি প্ৰদান, মাজুলী, ধেমাজি, লখিমপুৰ আদিকে ধৰি উত্তৰ অসমৰ লক্ষ লক্ষ জনতাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বৃহৎ নদীবান্ধ কোনো কাৰণতে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ দিয়া নহ'ব ৷ ইফালে বিগত সময়চোৱাত প্ৰবল বৰষুণৰ ফলত সোৱণশিৰি নদী বান্ধ ওপৰেদি পানী বাগৰি যোৱা দৃশ্যই ৰাজ্যত এক শংকাময় পৰিৱেশৰ সৃষ্টি কৰিছিল । যাৰ বাবে বিশেষজ্ঞ সমিতিয়ে বিভিন্ন পৰামৰ্শ প্ৰদান কৰিছিল NHPC কৰ্তৃপক্ষক ৷
কিন্তু বিশেষজ্ঞ সমিতিৰ পৰামৰ্শকো আওকাণ কৰি NHPC য়ে নিৰ্মাণ কৰি আছে নামনি সোৱণশিৰি নদীৰ বৃহৎ নদীবান্ধ প্ৰকল্প ৷ এই বৃহৎ নদীবান্ধ প্ৰকল্প বন্ধৰ দাবীত সোমবাৰে কি মাজুলী, কি কলিয়াবৰ, কি লখিমপুৰ সকলোতে প্ৰতিবাদ সাব্যস্ত কৰে AJYCP য়ে ৷ অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ৰ’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক: বৃহৎ নদীবান্ধ বন্ধৰ দাবীত নলবাৰীত AJYCP ৰ প্ৰতিবাদ