ETV Bharat / state

AJYCP Protest over all assam: ‘‘মাতৃভাষা ধ্বংস হ’বলৈ নিদিও’’ - AJYCP Protest at Kaliabor Nagaon

অসম চৰকাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ AJYCP ৰ ৷ ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মধ্যমত পাঠদান কৰা সিদ্ধান্ত বাতিল কৰক ৷ প্ৰাথমিক বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰে স্থায়ী নিযুক্তিৰ দাবী ৷

AJYCP  protest against government
AJYCP protest against government
author img

By

Published : Jun 14, 2023, 5:21 PM IST

AJYCP protest against government

কলিয়াবৰ-নগাঁও, 14 জুন: ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দোহাই দি অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মধ্যমত পাঠদান কৰিবলৈ জাপি দিয়া ঘটনাক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ যিটো সময়ত মাতৃভাষাৰ শিক্ষাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়াৰ কথা কৈ আছে তেনে সময়তে অসম চৰকাৰ এই নীতিৰ বাবে জাঙুৰ খাই উঠিছে দল-সংগঠন ৷

সেয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । কলিয়াবৰতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন । কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট । অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাত ইংৰাজী মাধ্যমত পাঠদান কৰা সিদ্ধান্ত বাতিল আৰু প্ৰাথমিক বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি স্থায়ী নিযুক্তিৰ দাবীত এই অৱস্থান ধৰ্মঘট ।

সমান্তৰালকৈ বুধবাৰে নগাঁও চহৰৰ মাজমজিয়াত যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগতো গ্ৰহণ কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী । অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত পাঠদান কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত বুধবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে । লগতে অসমৰ প্ৰাথমিক বিদ্যালয় সমূহত স্থায়ী প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি তাৎক্ষণিকভাৱে নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।

‘‘প্ৰাথমিক স্তৰত শিক্ষকে প্ৰধান শিক্ষকৰ মৰ্যদা লাভ নকৰা স্বত্ত্বেও প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আহিছে’’- এই মন্তব্য AJYCPৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াৰ।

লগতে পঢ়ক:Himanta Biswa Militant link: মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবীৰে কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.