ETV Bharat / state

নগাঁৱত CAA ৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Aug 17, 2020, 3:40 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ লগতে পৰিবেশ আইন ২০২০ বাতিলৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে। অসম বিৰোধী এই দুয়োখন আইনৰ বিৰুদ্ধে শেষবিন্দু তেজ থকালৈকে যুঁজ দিয়াৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।

AJYCP protest
AJYCP protest

নগাঁও, 17 আগষ্ট : ৰাজ্যত পুনৰ CAA বিৰোধী আন্দোলন ! নগাঁৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী। ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে CAA বিৰোধী আন্দোলন। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে কৰ'ণা মহামাৰীয়ে কিছু পৰিমাণে হ'লেও স্তিমিত কৰিছিল CAA বিৰোধী আন্দোলন।

লগতে পঢ়কঃ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিৱভক্তই

কিন্তু কৰ'ণাৰ আতংক মাৰ নৌযাওঁতেই পুনৰ সক্ৰিয় হৈ উঠিছে CAA বিৰোধী আন্দোলন। সোমবাৰে নগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী। চৰকাৰ তথা CAA বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.