ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দ্ৰুতহাৰত বৃদ্ধি পাবলৈ ধৰিছে ৷ মঙলবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

AJYCP PROTEST AGAINS PRICE HIKE
মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Jun 29, 2021, 8:40 PM IST

নগাঁও, 29 জুন : বিজেপি শাসিত কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োখন চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে । ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে মিঠাতেল, দালি, আলু-পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সমাগ্ৰীৰ মূল্য ৷ পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷

মঙলবাৰে এই অভিযোগেৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কৰা দাবীত নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল পালন কৰি অৰ্ধ শতাধিক এজেৱাইচিপিৰ সদস্যই হাতে হাতে দালি, মিঠাতেল, আলু-পিয়াঁজৰ লগতে মটৰ চাইকেলৰ পাছফালে ৰন্ধন গেছৰ চিলিণ্ডাৰ বান্ধি বাইক ঠেলি ঠেলি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ নগাঁও চহৰৰ নতুন বজাৰৰ পৰা নগাঁও কলেজৰ সমীপলৈ এক সমদল উলিয়াই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম মন্ত্ৰী হায় হায়, অসমৰ যোগান বিভাগ গ' বেক ইত্যাদি শ্ল'গানেৰে নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত এজেৱাইচিপি কৰ্মীসকলে ৷

মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে এজেৱাইচিপিৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰবীন চন্দ্ৰ দাস, কাৰ্য নিৰ্বাহক মুকুট চন্দ্ৰ বৰাৰ লগতে সমিতিৰ উপদেষ্টা দিগন্ত দাস, সত্য বৰা, যুটীয়া সম্পাদক দেৱাশীষ দাস, সাংস্কৃতিক সম্পাদক দীপু শইকীয়া, বিত্ত সম্পাদক হেমন্ত দাস, ক্ৰীড়া সম্পাদক দীপাংকৰ শৰ্মা আদি ৷

সাংবাদিকৰ আগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বৰা আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই কয়, পেট্ৰ'ল-ডিজেলক কেন্দ্ৰীয় চৰকাৰে জি এছ টিৰ আওতালৈ আনিব লাগে ৷ লগতে দালি, মিঠাতেলকে ধৰি অনান্য খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ যোগান বিভাগে ব্যৱস্থা ল'ব লাগে ৷ অন্যথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি সকীয়নি প্ৰদান কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক: ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কি কলে মুখ্যমন্ত্রীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.