নগাঁও, 30 আগষ্ট : নগাঁৱত CAA আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ(AJYCP) প্ৰায় চাৰি শতাধিক কৰ্মীয়ে দেওবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে অসম গণ পৰিষদৰ(AGP) ভাতৃ সংগঠন অসম যুৱ পৰিষদত(AYP) ৷ নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত যোগদান কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে অসম যুৱ পৰিষদত যোগদান কৰে ৷
উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে অগপ নেতা মন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta) আৰু মন্ত্ৰী অতুল বৰা(Atul Bora)৷ অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ নেতৃত্বত কাৰ্যকৰী হোৱা এই বৃহৎ যোগদানে আঞ্চলিক দল অগপৰ ভেটি অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ।
লগতে পঢ়ক: কিয় বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী বিৰোধী দলপতিৰ ?
যোগদান কৰা যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা-কৰ্মীসকলক অসম যুৱ পৰিষদলৈ আদৰণি জনায় মন্ত্ৰী অতুল বৰাই ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকন, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিক মহন্ত, প্ৰাক্তন সম্পাদক পল বৰদলৈসহ চাৰি শতাধিক কৰ্মীয়ে অসম যুৱ পৰিষদত যোগদান কৰা বুলি জানিব পৰা গৈছে ।
যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিৰ সভাপতিৰ পৰা পদত্যাগ কৰি অসম যুৱ পৰিষদত যোগদান কৰা যুৱ নেতা কাশ্যপ ফুকনে CAA আন্দোলন সন্দৰ্ভত কেইবাটাও মন্তব্য আগবঢ়ায় ৷ উচ্চতম ন্যায়ালয়ে CAA সন্দৰ্ভত যি ৰায়দান দিয়ে, সেয়া মানি ল’ব বুলি মন্তব্য কৰে কাশ্যপ ফুকনে । লগতে CAA আন্দোলনৰ নামত বহুতেই নিজৰ সুবিধা আদায় কৰা বুলিও কয় যুৱ নেতাগৰাকীয়ে ৷
লগতে পঢ়ক: বাংলাদেশলৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা !