ETV Bharat / state

অলিম্পিক খেলাৰ সপোন আজমলৰ

অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাৰ সপোন প্ৰায় সকলোৰে থাকে ৷ আজমলৰো আছে একেই সপোন ৷ কিন্তু আজমলৰ এই সপোন পূৰণ হ’বনে ?

author img

By

Published : Nov 4, 2021, 10:45 PM IST

Ajmal dream to play olympics
অলিম্পিক খেলাৰ সপোন আজমলৰ

নগাঁও, 4 নৱেম্বৰ : নগাঁৱৰ উত্তৰ অঞ্চলৰ ভিতৰুৱা গাঁৱৰ পৰা গৈ ভাৰতীয় ভলীবল দলক প্ৰতিনিধিত্ব কৰি ছাউথ এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দুই যুৱক । নগাঁৱৰ অলিটাঙনিৰ আজমল কবিৰ আৰু অমিৰ হুছেইনক লৈ এতিয়া সমগ্ৰ নগাঁৱত বৈছে উছাহৰ ঢল ।

অলিম্পিক খেলাৰ সপোন আজমলৰ

নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা চাউথ এছিয়ান গেমছত আজমল কবিৰ আৰু অমিৰ হুছেইনে প্ৰতিনিধিত্ব কৰা ভাৰতীয় ভলীবল দলে লাভ কৰিবলৈ সক্ষম হৈছে সোণৰ পদক । ভলীবলৰ চূড়ান্ত খেলখনত ভাৰতীয় দলে নেপাল দলক 2-1 চেটৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সোণৰ পদক লাভ কৰি গৃহভূমিত উপস্থিত হোৱাৰ পিছতেই দুই খেলুৱৈ আজমল কবিৰ আৰু অমিৰ হুছেইনক লৈ উৎফুল্লিত হৈ পৰে নগাঁওবাসী ।

Ajmal dream to play olympics
অলিম্পিক খেলাৰ সপোন আজমলৰ

বৃহস্পতিবাৰে দুই ভলীবল খেলুৱৈ আজমল কবিৰ আৰু অমিৰ হুছেইনক উষ্ম আদৰণি জনায় নগাঁও ক্ৰীড়া সন্থাৰ লগতে বিভিন্ন সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত নগাঁও ক্ৰীড়া সন্থাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত বিভিন্নজনে সম্বৰ্ধনা জ্ঞাপন কৰে খেলুৱৈ দুজনক । সম্বৰ্ধনা গ্ৰহণ কৰি ভলীবল খেলুৱৈ আজমল কবিৰে ভৱিষ্যতে অলিম্পিক খেলাৰ সপোনৰ কথা উল্লেখ কৰি দেশবাসীৰ আৰ্শীবাদ বিচাৰে ।

Ajmal dream to play olympics
অলিম্পিক খেলাৰ সপোন আজমলৰ

ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰি গৌৰাম্বিত হৈ পৰে অমিৰ হুছেইন । নগাঁৱতে প্ৰথমতে কান্তা ছাহানি নামৰ এগৰাকী মহিলা প্ৰশিক্ষকৰ পৰা প্ৰশিক্ষণ লৈ চাউথ এছিয়ান গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অমিৰ হুছেইন আৰু আজমল কবিৰৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে প্ৰশিক্ষকগৰাকী ।

লগতে পঢ়ক : আগতে মন্ত্ৰী হৈ ভাল লাগিছিল; এতিয়া কামটো কষ্টকৰ হ’ব : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.