ৰূপহীহাট, 20 জানুৱাৰী : ৰূপহীহাটত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাত আঁউল লগাৰ সম্ভাৱনা ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ পাচতেই ৰূপহীহাটত মিত্ৰতাৰ ক্ষেত্ৰত লাগিল আঁউল ৷ ৰূপহীহাটত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত তীব্ৰ বাক-বিতণ্ডা ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ পাছতেই ৰূপহীহাটত মিত্ৰতাৰ ক্ষেত্ৰত লাগিল আঁউল ৷ ৰূপহীহাটত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত তীব্ৰ বাক বিতণ্ডা ৷
বুধবাৰে ৰূপহীহাট সমষ্টিৰ জুৰীয়াত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নুৰুল আমিন চৌধুৰীয়ে দলীয় কৰ্মীসভাত এক সংবাদমেল আয়োজন কৰি কয় যে, ৰূপহীহাট সমষ্টিত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব নাপায় । সমষ্টিটোত নুৰুল হুদাৰ প্ৰতি ৰাইজৰ সমৰ্থন নাই । অসমত ৩০ টা সমষ্টিত এ আই ইউ ডি এফে প্ৰাৰ্থীত্ব দিব ৷
আনফালে এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ এই মন্তব্যৰ পাছতেই কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । নুৰুল হুদাই নুৰুল আমিন চৌধুৰীক বিজেপিৰ ভিতৰৰ মানুহ বুলি দাবী কৰে। নুৰুল হুদাই মিত্ৰতাৰ চৰ্ত প্ৰকাশ কৰি কয় যে চেটিং গেটিং হ’বই । চৌধুৰীক তেইশ হাজাৰ ভোটত পৰাজিত নেতা বুলিও কটুক্তি প্ৰকাশ কৰে নুৰুল হুদাই ।
লগতে পঢ়ক : বিৰােধীৰ মহাজোঁটে ক্ষতি কৰিব নোৱাৰে বিজেপিক : ৰণজিৎ কুমাৰ দাস