ETV Bharat / state

ধনৰ বিনিময়ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মূল্যাংকন ! - again controversy for hslc resul

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ নগাঁৱত অব্যাহত আছে বিতৰ্ক ৷ ধনৰ বিনিময়ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মূল্যাংকন কৰিছে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৷ এই অভিযোগ তৰিছে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে ৷

again controversy for hslc result
পুনৰ বিৰ্তকৰ মাজত সোমাই পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ
author img

By

Published : Aug 3, 2021, 3:29 PM IST

চামগুৰি, 3 আগষ্ট: বিতৰ্কই যেন পিছ নেৰা হৈছে ৰাজ্যৰ শিক্ষা বিভাগক ৷ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগ ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে অসম মাধ্যমিক শিক্ষা সংসদ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি শিক্ষাৰ্থীয়ে উত্থাপন কৰিছে অভিযোগ ৷ অভিযোগ অনুসৰি, ধনৰ লেনদেনৰ জড়িয়তে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মূল্যাংকন কৰিছে বিদ্যালয়ে ৷ উৎকোচ লৈ পৰীক্ষাত নবহা শিক্ষাৰ্থীকো উত্তীৰ্ণ কৰাই দিছে বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৷

পুনৰ বিৰ্তকৰ মাজত সোমাই পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ

এই অভিযোগ তৰিছে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে ৷

উল্লেখ্য যে, ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষা বিভাগে ৷ পৰীক্ষা অনুষ্ঠিত নহ'লেও মূল্যায়নৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই বিভাগে ঘোষণা কৰিছে ফলাফল ৷ কিন্তু এই ফলাফলক লৈয়েই ৰাজ্যজুৰি সৃষ্টি হৈছে আন এক নতুন বিতৰ্কৰ ৷ এইবাৰ ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাৰ নামত একাংশ শিক্ষকৰ বিৰুদ্ধে উৎকোচ গ্ৰহণৰো অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: হোজাইত অব্যাহত HSLC ৰ ফলাফল বিতৰ্ক

অভিযোগ অনুসৰি, চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱজ্যোতি গোস্বামী আৰু এগৰাকী সহ শিক্ষকে ধনৰ বিনিময়ত শিক্ষাৰ্থীক নম্বৰ দিয়ে ৷ যাৰ ফলত পৰীক্ষাত নহবা শিক্ষাৰ্থীও উত্তীৰ্ণ হৈছে এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৷ ইয়াকে কেন্দ্ৰ কৰি চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ ৷

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত মত প্ৰকাশ কৰাৰ পৰাও বিৰত আছে অধ্যক্ষ প্ৰণৱজ্যোতি গোস্বামী ৷ প্ৰধান শিক্ষক গৰাকীৰ মৌনতাক লৈয়ো এতিয়া বিভিন্ন মহলত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে ৷

ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰাৰ নামত একাংশ শিক্ষকৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ কিমান সঁচা সেইয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷ শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত হৈ যদি সঁচাকৈয়ে মূল্যায়নৰ নামত কোনো শিক্ষকে ধন লোৱাৰ দৰে ঘটনা সংঘটিত কৰিছে, তেন্তে এইয়া এক কলংকিত অধ্যায় হিচাপে বিবেচিত হ'ব ৷ বিষয়টো গুৰুত্ব সহকাৰে লৈ নিৰপেক্ষ তদন্ত কৰাৰ দাবী জনাইছে সচেতন মহলে ৷

লগতে পঢ়ক: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ নগাঁৱত অব্যাহত আছে বিতৰ্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.