ETV Bharat / state

যুৱতীক প্ৰতাৰণা কৰি ৰঙাঘৰৰ আলহী হ’ল অধিবক্তা

নগাঁৱৰ কছুৱাৰ হুছেইন মহম্মদ ৰিজোৱান নামৰ অধিবক্তা জনে চলেৰে প্ৰেমৰ জালত পেলাইছিল নগাঁৱৰ ৰূপহীহাট অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰীক ৷ প্ৰেমৰ জালত পেলাই যুৱতীগৰাকীৰ সৈতে শাৰিৰীক সম্বন্ধও স্থাপন কৰিছিল ৰিজোৱাননামৰ যুৱকজনে ৷ কিন্তু পৰৱৰ্তী সময়ত সেই অন্তৰংগ মূহুৰ্তৰ ছবি আৰু ফোন কলৰ ৰেকৰ্ডিঙৰ সহায়ত যুৱতীগৰাকীক ব্লেকমেইল কৰা আৰম্ভ কৰে ৰিজোৱানে ৷ যোৱা 19 জুলাই তাৰিখে আত্মহত্যা কৰে চৰম প্ৰতাৰণাৰ বলি হোৱা যুৱতীগৰাকীয়ে ৷

author img

By

Published : Oct 18, 2020, 9:45 PM IST

advocate arrested under pocso act
advocate arrested under pocso act

নগাঁও, 18 অক্টোবৰ : যুৱতীক প্ৰেমৰ জালত পেলাই ব্লেক মেইল কৰা নগাঁৱৰ অধিবক্তাক গ্ৰেপ্তাৰ ৷ নগাঁৱৰ কছুৱাৰ হুছেইন মহম্মদ ৰিজোৱান নামৰ অধিবক্তা জনে চলেৰে প্ৰেমৰ জালত পেলাইছিল নগাঁৱৰ ৰূপহীহাট অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰীক ৷ প্ৰেমৰ জালত পেলাই যুৱতীগৰাকীৰ সৈতে শাৰিৰীক সম্বন্ধও স্থাপন কৰিছিল ৰিজোৱাননামৰ যুৱকজনে ৷ কিন্তু পৰৱৰ্তী সময়ত সেই অন্তৰংগ মূহুৰ্তৰ ছবি আৰু ফোন কলৰ ৰেকৰ্ডিঙৰ সহায়ত যুৱতীগৰাকীক ব্লেকমেইল কৰা আৰম্ভ কৰে ৰিজোৱানে ৷ আনকি ফোনযোগে ভাবুকিও প্ৰদান কৰিছিল যুৱতীগৰাকীক ৷

যুৱতীক প্ৰতাৰণা কৰি  ৰঙাঘৰৰ আলহী হল অধিবক্তা

ৰিজোৱানৰ ব্লেকমেইলিঙত অতিষ্ঠ হৈ অৱশেষত যুৱতীগৰাকীয়ে অৱলম্বন কৰে চৰম পন্থা ৷ যোৱা 19 জুলাই তাৰিখে আত্মহত্যা কৰে চৰম প্ৰতাৰণাৰ বলি হোৱা যুৱতীগৰাকীয়ে ৷ কিন্তু ৰহস্যজনকভাৱে তাৰ পাচৰ পৰাই আত্মগোপন কৰি আছিল ৰিজোৱানে ৷ গোপনে অগ্ৰিম জামিনৰ বাবে আদলতৰ দ্বাৰস্থ হৈছিল যিদও সফল হোৱা নাছিল অধিবক্তা উপাধিধাৰী যুৱকজন ৷ অৱশেষত শনিবাৰে ৰূপহীহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰিজোৱানক ৷ ভাৰতীয় দণ্ডবিধিৰ 306 আৰু 806 ধাৰাৰ লগতে পকচ’ আইনৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছথে ৰিজোৱানক ৷

হুছেইন মহম্মদ ৰিজোৱান

উল্লেখ্য যে, ৰিজোৱান আৰু যুৱতীগৰাকীৰ মাজত হোৱা কথোপকথনৰ কল ৰেকৰ্ডিং আমাৰ হাতত আহি পৰিছে যদিও আমি সেইয়া প্ৰকাশ কৰিব নোৱাৰো ৷ আনকি তেওঁলোক দুয়ো একেলগে উঠা ফটোসমূহো প্ৰকাশৰ পৰা আমি বিৰত আছোঁ ৷ কিন্তু সেই সমূহ ফটোত দেখা পোৱা পৰিৱেশে পোহৰলৈ আনিছে আন এক ভয়ংকৰ তথ্য ৷ কেনেবাকৈ নগাঁৱৰ বাইপাছৰ কাষত ধাবা-ৰেষ্টুৰেণ্ট খোলাৰ নামত অবৈধ দেহ ব্যৱসায়ৰ ঘাটি চলাবলৈ ধৰিছে নেকি কোনো সুবিধাবাদী চক্ৰই ৷ এই ক্ষেত্ৰত নগাঁও জিলা আৰক্ষী তথা প্ৰশাসন যঠেষ্ট সষ্টম হোৱা প্ৰয়োজন ৷ অন্যথা পুনৰ এনে বহু ৰিজোৱানৰ প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ জালত ভৰি থৈ অকালতে জীৱন হেৰুৱাব লাগিব বহু যুৱতী-কিশোৰীয়ে ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত উত্তেজনা; প্ৰশাসনৰ সান্ধ্যআইন জাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.