ETV Bharat / state

এটা চিমেন্টৰ বস্তাই ভাগ্য সলনি কৰিলে আদিল খানৰ - সূৰ্যা গ'ল্ড চিমেন্ট

নগাঁও জিলাৰ ধিঙৰ জাৰমাৰীত চিমেন্টৰ বস্তাই সলনি কৰিলে এজন লোকৰ ভাগ্য় ৷ গৃহ নিৰ্মাণৰ বাবে অনা চিমেন্টৰ বস্তাত চামগুৰিৰ আদিল খান নামৰ লোকজনে লাভ কৰিলে এক লাখ টকাৰ এখন বিশেষ কুপন ৷ লাখটকীয়া কুপনখন লাভ কৰি স্বাভাৱিকতে আনন্দিত হৈ পৰিছে আদিল খানৰ লগতে পৰিয়ালৰ আন আন সদস্য ৷

Adil Khan got 1 lakh rupee coupon in a cement bag
এটা চিমেন্টৰ বস্তাই ভাগ্য সলনি কৰিলে আদিল খানৰ
author img

By

Published : May 23, 2021, 9:02 AM IST

চামগুৰি,23 মে': কাৰ ভাগ্য কেতিয়া সলনি হয় সেয়া কোনেও নাজানে ৷ এটা চিমেন্টৰ বস্তাইও যে ভাগ্য সলনি কৰিব পাৰে সেয়া সাধাৰণ লোকৰ চিন্তাৰো অগোচৰ ৷ কিন্তু এনে এক ঘটনাই ঘটিল নগাঁও জিলাৰ ধিঙৰ জাৰমাৰীৰ আদিল খান নামৰ লোকজনৰ লগত ৷ খানে চাগৈ কেতিয়াও ভবাই নাছিল যে তেওঁৰ গৃহ নিৰ্মাণৰ বাবে অনা চিমেন্টৰ বস্তাই সলনি কৰিব তেওঁৰ ভাগ্য় ৷ কৰ'ণাৰ গ্ৰাসত চৌদিশে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়তে জীৱন জীৱিকাক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ জনতা ৷ তেনে লক্ষজনৰ ভিতৰতে এজন আদিল খান ৷ কষ্টোপাৰ্জিত ধনেৰে নিজৰ সপোনৰ ঘৰতো নিৰ্মাণ কৰিছিল আদিল খানে ৷

এটা চিমেন্টৰ বস্তাই ভাগ্য সলনি কৰিলে আদিল খানৰ

নিজৰ পৰিয়ালটোক সুখেৰে থাকিব পৰাকৈ সৰু এটি ঘৰ নিৰ্মাণ কৰাৰ চেষ্টা কৰা আদিল খানে ধিঙৰ জাৰমাৰীৰ এখন শিল-বালিৰ দোকানৰ পৰা ক্ৰয় কৰিলে বিশ বস্তা চিমেন্ট ৷ কিন্তু তাৰ মাজৰে এটা চিমেন্টৰ বস্তাই ভাগ্য সলনি কৰিলে আদিল খানৰ ৷ চিমেন্টৰ বস্তাৰ ভিতৰত থকা এখন কুপনত আদিলে লাভ কৰিলে এক লাখ টকা ৷ লাখটকীয়া কুপনখন লাভ কৰি স্বাভাৱিকতে আনন্দিত হৈ পৰিছে আদিল খানৰ লগতে পৰিয়ালৰ আন আন সদস্য ৷

লগতে পঢ়ক: সোৱণশিৰিয়ে বিপদ মাতিছে ঐতিহাসিক ঘুনাসুঁতিলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.