ৰহা,১৫ অক্টোবৰ: নাৰীৰ ওপৰত অত্যাচাৰ, নির্যাতন আদি প্ৰসংগক লৈ চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংস্থাসমূহে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণক সচেতন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু ইয়াৰ পাছতো যেন সমাজৰ কোনো স্তৰতে সুৰক্ষিত হ'ব পৰা নাই এগৰাকী নাৰী ৷ শেহতীয়াকৈ ৰহাৰ চেঙাজানত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ এক ঘটনা । স্বামীগৃহত নিৰ্যাতনৰ অভিযোগ ভুক্তভোগী বোৱাৰীগৰাকীৰ ৷
ৰহাত সংঘটিত হৈছে যৌতুক বিচাৰি নিৰ্যাতনৰ ঘটনা । স্বামী আৰু স্বামীৰ পৰিয়ালৰ লোকে বিয়াৰ সময়ত বিচৰা ধন আদায় নিদিয়াৰ বাবেই বোৱাৰীগৰাকীৰ দেহত এচিড চতিয়াই দিয়াৰ ভয়ংকৰ অভিযোগ ভুক্তভোগী বোৱাৰীৰ । ৰহাৰ চেঙাজানৰ আনাৰুল হুছেইন নামৰ ব্যক্তিজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ । আনাৰুলৰ পত্নীৰ অভিযোগ অনুসৰি বিগত ছমাহ ধৰি আনাৰুলে যৌতুক বিচাৰি উপৰ্যুপৰি পত্নীক কৰি আহিছে শাৰীৰিক আৰু মানসিক নিৰ্যাতন ।
পত্নীক লক্ষাধিক ধন বিচাৰি নিৰ্যাতন চলাই আহিছে আনাৰুলে । অৱশেষত আনাৰুলৰ নিৰ্যাতনৰ বলি হৈ বিগত ৩ মাহে মাকৰ ঘৰত থাকিবলগীয়া হৈছে বোৱাৰীগৰাকী ৷ নিজৰ পিতৃ-মাতৃক এৰি বহু সপোন লৈ আনাৰুলৰ লগত বিবাহপাশত আৱদ্ধ হোৱা বোৱাৰীগৰাকীৰ জীৱনলৈ এতিয়া নামি আহিছে কাল অন্ধকাৰ । এখন সম্পূৰ্ণ পৃথক ঘৰৰ পৰিৱেশত নিজকে প্ৰতিষ্ঠিত কৰি ঘৰ-সংসাৰ আৰম্ভ কৰিব বিচৰা বোৱাৰীগৰাকীয়ে নিজৰ স্বামীৰ মৰমৰ সলনি যদি অত্যাচাৰ পাবলগীয়া হয় ইয়াতকৈ আৰু বেদনাদায়ক কি হ'ব পাৰে ৷
ইতিমধ্যে ভুক্তভোগী বোৱাৰীগৰাকীয়ে ঘটনা সম্পৰ্কে জনাই কামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও আৰক্ষীৰ পৰা লাভ কৰা নাই উপযুক্ত সঁহাৰি । পত্নী নিৰ্যাতনকাৰী আনাৰুলক কামপুৰ আৰক্ষীয়ে কি ব্যৱস্থা ল'ব সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।
লগতে পঢ়ক: Body recovered in Nagaon: ৰূপহীহাটৰ সোনাই নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ