ETV Bharat / state

কাজিৰঙাত অঘটন : বিদ্যুৎস্পৃষ্ট হ'ল বন বিভাগৰ হাতীসহ বন গাহৰি আৰু হৰিণা - বুঢ়াপাহাৰ বনাঞ্চল

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত শোকাৱহ ঘটনা ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ১১ কে. ভি. বিদ্যুৎ পৰিবাহী তাঁৰৰ লাগি বিদ্যুৎস্পৃষ্ট হয় 'ঐৰাৱত' নামৰ বন বিভাগৰ এটা হাতীৰ লগতে দুটা বন গাহৰি আৰু এটা হৰিণা ৷

Accident in Kaziranga: Electrocuted wild boar and deer with an elephant
বিদ্যুৎস্পৃষ্ট হ'ল এটা হাতীৰ সহ বনগাহৰি আৰু হৰিণা
author img

By

Published : Oct 25, 2021, 9:31 PM IST

নগাঁও, 25 অক্টোবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত শোকাৱহ ঘটনা ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ১১ কে. ভি. বিদ্যুৎ পৰিবাহী তাঁৰৰ লাগি বিদ্যুৎস্পৃষ্ট হয় 'ঐৰাৱত' নামৰ বন বিভাগৰ এটা হাতীৰ লগতে দুটা বন গাহৰি আৰু এটা হৰিণা ৷ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা হাতীটোৰ শিকলি লাগি ধৰাত সংঘটিত হয় শোকাৱহ ঘটনাটো ৷

বিদ্যুৎস্পৃষ্ট হ'ল এটা হাতীৰ সহ বনগাহৰি আৰু হৰিণা

বন বিভাগৰ লোক সদৰী কৰা মতে, বুঢ়াপাহাৰ বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ১১ কে. ভি. বিদ্যুৎ পৰিবাহী তাঁৰ আঁতৰাবলৈ বহুবাৰ কলিয়াবৰ বিদ্যুৎ সংমণ্ডলক অৱগত কৰিছিল বন বিভাগে ৷ কিন্তু বিদ্যুৎ সংমণ্ডলটোৱে কোনো কাৰ্যপন্থা হাতত লোৱা নাছিল ৷ যাৰ ফলতে সোমবাৰে দিনৰ ভাগত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় বুলি অভিযোগ কৰিছে একাংশ লোকে ৷

ঘটনাটো সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় বনসংমণ্ডল প্ৰাধিকাৰী, বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়া, জখলাবন্ধা আৰক্ষী ৷

লগতে পঢ়ক: মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ হৈ ৰণডংকা বজালে ড৹ শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.