কলিয়াবৰ, 6 মাৰ্চ: শনিবাৰে কলিয়াবৰৰ বৰঘূলীত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত এগৰাকী শ্ৰমিকে থিতাতে প্ৰাণ হেৰুৱায় ৷ এখন ডাম্পাৰৰ খুন্দাত দুই নং বৰঘূলীৰ আহমদ আলী নামৰ শ্ৰমিকজন নিহত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি,কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বৰঘূলী কৃষি বান্ধ নিৰ্মাণ কাৰ্যত ব্যৱহৃত তপন মেধিৰ মালিকানাধীন ঠিকাদাৰ প্ৰতিষ্ঠানৰ এখন ডাম্পাৰৰ খুন্দাত শ্ৰমিকজন নিহত হয় ৷
প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, এ. এচ. ০২ এ. চি. ৭৫২১ নম্বৰৰ ডাম্পাৰখনৰ চালকজনে ডাম্পাৰখনে পাছলৈ ঘূৰাই থকা অৱস্থাত ডাম্পাৰখনৰ পাছফালে ৰৈ থকা শ্ৰমিকগৰাকী চকাৰ তলত সোমাই যায় ৷ ডাম্পাৰৰ চকা শ্ৰমিক গৰাকীৰ মূৰৰ ওপৰত উঠি যোৱাৰ ফলতেই শ্ৰমিক গৰাকী থিতাতে নিহত হয় ৷ চুলুং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিভাগীয় তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: কুইপ'ৰ দুই অপহৃত বিষয়াক অতি শীঘ্ৰে মুক্তি