চামগুৰি, 22 মাৰ্চ : ড্ৰাগছ আসক্ত দুষ্ট চক্ৰই সম্প্ৰতি ড্ৰাগছ সেৱনৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিছে চৰকাৰী কাৰ্য্যালয়ৰ পৰিত্যক্ত গৃহ । যি সময়ত চৰকাৰ তথা প্ৰশাসনে ড্ৰাগছৰ সৰবৰাহ, অবৈধ বেহা, ড্ৰাগছ সেৱন আদিৰ ক্ষেত্ৰত কঠোৰ ভূমিকা পালন কৰি আহিছে(Anti drug operation by Police) তেনে সময়তে ড্ৰাগছ আসক্ত সকলেও ন-ন কৌশল ব্যৱহাৰ কৰি অব্যাহত ৰাখিছে ইয়াৰ এখন ৰমৰমীয়া বেহা ।
সম্প্ৰতি ধিঙত পৰিলক্ষিত হৈছে তেনে এক পৰিস্থিতি ৷ উল্লেখ্য যে, ধিং থানাৰ অন্তৰ্গত বটদ্ৰৱা উন্নয়ন খণ্ডৰ পৰিত্যক্ত কোঠালিসমূহ এতিয়া একাংশ ড্ৰাগছ আসক্তই ড্ৰাগছ সেৱনৰ আড্ডাস্থলী হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে(Abandoned government office turned into drugs base) ৷ আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছ সেৱনকাৰীয়ে অব্যাহত ৰাখিছে এনে কাৰ্য ৷ যাৰ ফলত অতিস্থ হৈ পৰিছে স্থানীয় সচেতন মহল ৷
এই অসামাজিক কাৰ্যকলাপ সন্দৰ্ভত বিভিন্ন সময়ত স্থানীয় দল সংগঠনসমূহে ধিং আৰক্ষীক অৱগত কৰি আহিছে যদিও এই সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।
সম্প্ৰতি ধিংস্থিত হিমন্ত ফেনচ ক্লাৱে ধিং আৰক্ষীক অতি শীঘ্ৰেই উক্ত স্থানৰ পৰা ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ চলি থকা ঘাটিটো উৎখাত কৰি এক সুস্থ পৰিৱেশৰ সৃষ্টি কৰি তুলিবৰ বাবে জনাইছে দাবী ।
লগতে পঢ়ক : Road accident at Kaliabor: স্বামী নিহত, পত্নীৰ অৱস্থা সংকটজনক