চামগুৰি, ৭ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰীৰ আগমনক লৈ দেওবাৰে পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত আছে প্ৰতিবাদ । চাহ জনগোষ্ঠী ৰাইজক বিজেপি চৰকাৰে কৰা চৰম প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষোভ প্ৰাকশ কৰিছে আটছাই । দেওবাৰে নগাঁও জিলা চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । জিলাখনৰ চামগুৰিৰ আমনি তিনিআলিত অৰ্ধশতাধিক আটছাৰ নেতা-কৰ্মীয়ে মোদীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
আটছাৰ সদস্যসকলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, আটছা জিন্দাবাদ, চাহ শ্ৰমিক ৰাইজক ৩৫১ টকা হাজিৰা প্ৰদান কৰক, চাহ-শ্ৰমিক ৰাইজক প্ৰাপ্য হাজিৰা দিব নোৱাৰা বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি গ’ বেক, পল্লৱ লোচন গ’ বেক, হিমন্ত বিশ্ব শৰ্মা হায় হায়, নৰেন্দ্ৰ মোডী হায় হায় আদি বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে ।
উল্লেখযোগ্য যে, দেওবাৰে ঢেকীয়াজুলিত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ দলীয় সভালৈ প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে আটছা । চাহ শ্ৰমিক ৰাইজক কৰা চৰম প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ বিৰোধীতা কৰিছে আটছাই ৷ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিক ৰাইজক মাটিৰ পট্টা আৰু আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও প্ৰতিশ্ৰুতি পূৰণ কৰাত চৰকাৰখন ব্যৰ্থ হোৱা অভিযোগ তুলিছে সংগঠনটোৱে ।