ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত আছুৰ মানৱ শৃংখল

অত্যাধিক ড্ৰাগছ সেৱন কৰাই নৱম শ্ৰেণীৰ ছাত্ৰীক কৰা হত্যাক লৈ নগাঁৱত অব্যাহত প্ৰতিক্ৰিয়া । ইয়াৰোপৰি, ড্ৰাগছ, তীৰৰ ঘাটিৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ।

author img

By

Published : Jul 10, 2020, 7:34 PM IST

নগাঁৱত আছুৰ মানৱ শৃংখল
নগাঁৱত আছুৰ মানৱ শৃংখল

নগাঁও, 10 জুলাই: নগাঁৱত বৃহস্পতিবাৰে অত্যাধিক ড্ৰাগছ সেৱন কৰাই এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক হত্যা কৰাক কেন্দ্ৰ কৰি, শুকুৰবাৰেও অব্যাহত আছে প্ৰতিবাদ । নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে জিলা ছাত্ৰ সন্থাই ৷

নগাঁৱত আছুৰ মানৱ শৃংখল

কৰ'ণাৰ বাবে কৰা সকলো নিয়ম মানি ছাত্ৰ সন্থাৰ শতাধিক সদস্যই বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । তীৰৰ বেহাৰ সৈতে জড়িত এজন বিজেপি কৰ্মী গ্ৰেপ্তাৰ হোৱাৰ প্ৰসংগও উল্লেখ কৰি নগাঁৱত ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত তীৰ আৰু ড্ৰাগছৰ ঘাটি চলাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰে আছুৱে ।

সম্প্ৰতি এক চক্ৰই মাৰাত্মক ড্ৰাগছৰ কবলত পেলাই অসমীয়া নৱপ্ৰজন্মক ধ্বংসৰ চক্ৰান্ত চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে । তীৰ, ড্ৰাগছকে ধৰি নগাঁৱত চলি থকা অসামাজিক কামসমূহ বন্ধ কৰিবলৈ দাবী জনায় আছুৱে ।

লগতে পঢ়ক: অখিল গগৈৰ মুক্তিৰ দাবীত খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.