নগাঁও, 29 মাৰ্চ: আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান অসমলৈ অহাৰ খবৰ প্ৰচাৰৰ পিচতে ৰাজ্যৰ বিভিন্ন জিলাসমূহত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে (AAP CM to visit Guwahati)৷ অহা 2 এপ্ৰিলত অসমলৈ আহিব দুই মুখ্যমন্ত্ৰী তথা আপৰ নেতাদ্বয় ৷ বুধবাৰে আম আদমী পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে কেইবাগৰাকী নেতা নগাঁৱত উপস্থিত হৈ নগাঁও জিলা সমিতিৰ উপৰিও সমষ্টি কমিটিৰ নেতা কৰ্মীৰে আলোচনাত মিলিত হয় (AAP press meet in Nagaon)৷
আপৰ নেতাসকলে এই সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰি কয় যে, ভাৰতীয় জনতা পাৰ্টী হৈছে পুঁজিপতিৰ অধীনত চলা চৰকাৰ (AAP Slams BJP) ৷ তেওঁলোকৰ নিজৰ ভাবিব পৰা ক্ষমতা নাই ৷ তেওঁলোকে সন্মুখতহে বহি আছে, কিন্তু তেওঁলোকক পিচফালৰ পৰা বেলেগে চলাই আছে ৷ ভাৰতীয় জনতা পাৰ্টিয়ে দেশখনক কঙাল কৰিছে ৷ যোৱা 64 বছৰত ভাৰতত লোনৰ টকা কেৱল ষাঠি হাজাৰ কোটি টকা আছিল ৷ কিন্তু যোৱা 6/7 বছৰত ভাৰতীয় জনতা পাৰ্টিয়ে 80 লাখ কোটিতকৈ অধিক ধন ধাৰে লৈছে ৷ ইয়াৰ সমান্তৰালকৈ অসমতো ধাৰৰ পৰিমাণ বৃদ্ধি হৈছে ৷ প্ৰকৃততে এইখিনি পইচা ৰাইজৰ পইচাহে ৷ এই ধনখিনি চৰকাৰে অপব্যৱহাৰ কৰিছে ৷ এয়া ৰাইজক অৱগত কৰোৱাটো আমাৰ কৰ্তব্য ৷
২ এপ্ৰিলত অসমত উপস্থিত হৈয়েই গুৱাহাটীৰ সোণাৰাম খেলপথাৰত জনসভা সম্বোধন কৰিব আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে(Arvind Kejriwal visit to Assam) ৷ দলটোৰ অসমৰ প্ৰথমখন জনসভা সফল কৰিবলৈ এতিয়া তৎপৰ হৈ পৰিছে দলটোৰ অসম ৰাজ্যিক সমিতিৰ নেতৃবৰ্গৰ লগতে প্ৰত্যেকখন জিলা সমিতি ৷ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলে জিলাই জিলাই সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলীয় নেতা কৰ্মীৰে সাংগঠনিক দিশ আলোচনা কৰাৰ লগতে জনসভা সফল কৰা সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে ৷
উক্ত সংবাদমেলত শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ উপৰিও দিল্লী আৰু পঞ্জাৱত আৰম্ভ হোৱা উন্নয়নৰ বিষয়ে উল্লেখ কৰে আপৰ নেতাগৰাকীয়ে ৷ অসমতো দিল্লীৰ দৰে শিক্ষা, স্বাস্থ্য ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি অসমতো আম আদমী পাৰ্টীক আগুৱাই নিব লাগিব বুলি সংবাদমেলত মন্তব্য কৰে ৷ সংবাদমেলত ভ্ৰষ্টাচাৰ, স্বেচ্ছাচাৰী, সাম্প্ৰদায়িক শাসন নিৰ্মূল কৰিবলৈ সকলোকে সহযোগিতা কৰাৰ আহ্বান আপৰ (Arvind Kejriwal visit to Assam) ৷
লগতে পঢ়ক: AAP CM to visit Guwahati: 2 এপ্ৰিলত গুৱাহাটীলৈ আহিব অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মান