কলিয়াবৰ, 29 আগষ্টঃ মাজত কেইটামান মাহ ৷ 2021 ত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন ৷ কৰ’ণাৰ মাজতো নিৰ্বাচনৰ বাবে ইতিমধ্যেই দল-সংগঠনসমূহে কম বেছি পৰিমাণে আৰম্ভ কৰিছে প্ৰচাৰ ৷ সমান্তৰালকৈ, ৰাজ্যত গঠন কৰা হৈছে কেইবাটাও নতুন ৰাজনৈতিক দল ৷ সকলোৰে লক্ষ্য দিছপুৰ ৷ ইতিমধ্যে দিল্লীত চমকপ্ৰদ উত্থানেৰে দেশৰ দৃষ্টি আকৰ্ষণ কৰা আম আদমী পাৰ্টীয়েও আগন্তুক বিধানসভা নিৰ্বাচন যুঁজৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ আৰম্ভ কৰিছে ৷
শুকুৰবাৰে কলিয়াবৰৰ তৰুণ সংঘ প্ৰেক্ষাগৃহত আম আদমী পাৰ্টীৰ শাখা গঠন কৰা হয় । আপৰ ৰাজ্যিক সমন্বয়ক ডা৹ ভবেন চৌধুৰী, ৰাজ্যিক শীৰ্ষ নেতা লক্ষ্মীকান্ত ডুবেৰ উপস্থিতিত গঠন কৰা হয় শাখা সমিতিখন ৷ নিকা আৰু স্বচ্ছ ৰাজনীতিৰে দেশৰ উন্নয়ন তৰান্বিত কৰিবলৈ এক অনুকৰণীয় ৰাজনৈতিক আদৰ্শ প্ৰতিষ্ঠাৰ বাবে দেশৰ জনসাধাৰণ আৰু নৱপ্ৰজন্মক আহ্বান দলটোৰ ৷ উল্লেখ্য যে, ১২৬ টা সমষ্টিতেই দলীয় প্ৰাৰ্থীত্ব দিয়াৰ লক্ষ্যৰে আপৰ সাংগঠনিক কাম-কাজে যথেষ্ট গতিশীলতা লাভ কৰিছে বুলি জনায় আপৰ কৰ্মকৰ্তাসকলে ৷
বৰ্তমানলৈ ৩৩ খন জিলাৰ ২৬ খনত জিলা সমিতি গঠনৰ কাম সম্পূৰ্ণ হৈছে আৰু সমান্তৰালকৈ তৃণমূল পৰ্য্যায়লৈকে সমিতি গঠনৰ কাম চলি আছে বুলি জানিবলৈ দিয়ে আপৰ ৰাজ্যিক নেতা লক্ষ্মীকান্ত ডুবেই ৷ ৰাজ্যৰ বান সমস্যাৰ স্থায়ী সমাধান, শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্যখণ্ডৰ পৰিৱৰ্তনৰ বাবে দলীয় ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত দলটোৱে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব বুলিও মন্তব্য কৰে ৷ এইক্ষেত্ৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰীৱালৰ পথেৰেই অসমৰো সামগ্ৰীক উন্নয়নৰ বাবে দলতো বদ্ধপৰিকৰ বুলি জনাই দলীয় নেতাই ৷