কলিয়াবৰ, 13 মে' : কলিয়াবৰতো আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ । কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷
এন আৰ চি নামত অযথা আপত্তি দাখিলৰ দ্বাৰা সংখ্যালঘুসকলক হাৰাশাস্তি কৰি অহাৰ অভিযোগেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ । লগতে অসমত থকা হিন্দু-মুছলমান সকলো অবৈধ বিদেশীক এন আৰ চিৰ জৰিয়তে চিনাক্ত কৰি বহিস্কাৰ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷