নগাঁও,5 নৱেম্বৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু ৷ সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী । আলু, পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদত অংশগ্ৰহণ কৰে আমছুৰ সদস্যসকলে।
মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ বিৰুদ্ধে এই প্ৰতিবাদৰ জৰিয়তে গৰজি উঠে সংগঠনটো । সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি সামগ্ৰীৰ মূল্য ৰোধৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে এক স্মাৰকপত্ৰ ।
লগতে চাওকঃ তেজপুৰত সুধাকণ্ঠক স্মৰণ বিভিন্ন সংগঠনৰ