ETV Bharat / state

Ghost Chilly: বহিঃৰাজ্যত কদৰ বাঢ়িছে অসমীয়া ভোট জলকীয়াৰ

ভোট জলকীয়া(Ghost Chilly) খেতিৰে স্বাৱলম্বী নগঞা যুৱক ৷ ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে যুৱক জনে ৷ যাক লৈ আনন্দিত নগাঁৱৰ যুৱকজন ৷

author img

By

Published : Jul 5, 2021, 7:35 PM IST

ghost chilly agriculture in nagaon
বহিঃৰাজ্যত কদৰ বাঢ়িছে অসমীয়া ভোট জলকীয়াৰ

চামগুৰি,5 জুলাই: আমাৰ সমাজত খাদ্য সম্ভাৰত জলকীয়া(Chilly) ব্যৱহাৰ কৰাটো এটা পৰম্পৰা আৰু ই ইতিহাসসমৃদ্ধ । এই সমূহৰ ভিতৰত এবিধ জলকীয়াই বৰ্তমান আমাৰ সমাজত প্ৰাধান্য বিস্তাৰ কৰিছে । ই হৈছে ভোট জলকীয়া(Ghost Chilly)।

এই ভোট জলকীয়া(Ghost Chilly)ৰ খেতি কৰি এতিয়া স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ এজন যুৱকে ৷ যুৱক জনৰ নাম কৌস্তভ জ্যোতি মহন্ত । নগাঁও চহৰৰ মিলনপুৰ নিবাসী এই যুৱক জনৰ দ্বাৰা উৎপাদিত ভোট জলকীয়া(Ghost Chilly)ই নগাঁও আৰু মৰিগাঁও জিলাৰ উপৰিও দাঁতিকাষৰীয়া জিলাসমূহৰ বিভিন্ন স্থানত এতিয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

তাৰোপৰি ভোট জলকীয়া(Ghost Chilly)ৰ লগতে কেঁচা জলকীয়াৰ আচাৰ প্ৰস্তুত কৰিও সমাদৰ লাভ কৰিছে যুৱকজনে ৷

যুৱকজনে উৎপাদন কৰা এই সমূহ সামগ্ৰীয়ে কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, কৌস্তভ জ্যোতিয়ে ২০১৫ চনত প্ৰথমবাৰৰ বাবে ভোট জলকীয়া খেতি কৰিবলৈ আৰম্ভ কৰিছিল ৷ তেতিয়াৰে পৰা জলকীয়াৰ খেতি কৰি অহা যুৱকজনে এইবাৰ মৰিগাঁৱৰ মনহা, নগাঁৱৰ বেবেজীয়াৰ বাংঠাই গাঁও আৰু বৈদ্যটুপত মুঠ ১১ বিঘা মাটিত কৰিছে এই ভোট জলকীয়াৰ খেতি ।

আগন্তুক বৰ্ষত নগাঁৱৰ কন্দলি অঞ্চলত এক বিশাল পৰিমাণৰ কৃষি ভূমিত ভোট জলকীয়া(Ghost Chilly)ৰ খেতি কৰিবৰ বাবে প্ৰস্তুতি চলাই আছে যুৱকজনে । অৱশ্যে অংশীদাৰ হিচাপে দীপলু দেউৰী আৰু প্ৰিয়াংকু শৰ্মা নামৰ দুই বন্ধুও তেওঁৰ এই ভোট জলকীয়াৰ খেতিত জড়িত হৈ থকা বুলি জনালে যুৱকজনে । ভোটজলকীয়াৰ খেতিক লৈ অধিক আশাবাদী যুৱ কৃষক কৌস্তভ জ্যোতি মহন্ত ৷

সম্পূৰ্ণ বৈজ্ঞানিক প্ৰদ্ধতিত বহল ভিত্তিত কৰা এই ভোট জলকীয়া(Ghost Chilly) খেতিৰ কামত বহুকেইজন লোকক কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছে ৷ উচ্চশিক্ষিত যুৱক কৌস্তভ জ্যোতি মহন্তই এই কৃষি কাৰ্য কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাজনো লোকৰ কৰ্মসংস্থাপনৰ পথ মোকোলাই দিছে ।

লগতে পঢ়ক: দিখৌমুখৰ পথাৰত ৰোৱনী লুকালে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.