ETV Bharat / state

ক্ষুধা নিবাৰণৰ যুঁজত ব্ৰতী ৰাজ্যৰ শিশু শ্ৰমিকৰ মনৰ কথা... - ইটিভি ভাৰত

বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উপলক্ষে ইটিভি ভাৰতে প্ৰস্তুত কৰা বিশেষ প্ৰতিবেদন-

ক্ষুধা নিবাৰণৰ যুঁজত ব্ৰতী ৰাজ্যৰ শিশু শ্ৰমিকৰ মনৰ কথা...

author img

By

Published : Jun 12, 2020, 8:10 PM IST

Updated : Jun 13, 2020, 11:29 AM IST

যোৰহাট/নগাঁও,12 জুন: আজি ১২ জুন অৰ্থাৎ বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস ৷ আজিৰ দিনটো উদযাপন কৰা হয় বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস হিচাপে ৷ বিভিন্ন কৰ্মত জড়িত শিশুসকলক কৰ্মস্থলীৰ পৰিৱৰ্তে আগুৱাই নিয়াৰ দিন আজি । কিন্তু এনে কিছুমান শিশু আছে,যিসকলে নিচেই কম বয়সতে কান্ধ পাতি ল’বলগীয়া হৈছে পৰিয়ালৰ দায়িত্ব৷ আমাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে একাংশ শিশুৰ জীৱন সংগ্ৰামৰ ভয়াৱহ ছবি ৷ প্ৰথমে মন কৰক এই দৃশ্য ৷ এয়া সদাব্যস্ত নগাঁও চহৰৰ মাজমজিয়াৰ ছবি । কেইটিমান শিশুৰ বাবে ভিক্ষাই হৈ পৰিছে জীৱন ৰক্ষাৰ শেষ উপায় ৷ কেটেৰা জেঙেৰা শুনিও হাত পাতিবলগীয়া হৈছে লোকৰ ওচৰত ৷ আৰ্থিক দুৰৱস্থাই যেন শেষ কৰিলে সকলো। বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনটোতে ইটিভি ভাৰতৰ কেমেৰাত বন্দী হ'ল এইসকল শিশুৰ সংগ্ৰামৰ ভয়াৱহ দৃশ্য। নগাঁৱৰ নেহেৰুৱালীৰ সমীপৰ পদপথত ভোট জলকীয়া বিক্ৰীত ব্যস্ত অন্য এক শিশু ৷ এসাঁজ ভাতৰ বিনিময়ত অন্যৰ দোকানত শ্ৰমিক হিচাপে নিয়োজিত হৈছে শিশুটি । এয়া মাথোন এক উদাহৰণ ।

বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস

আনহাতে,বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ দিনটোতো যোৰহাটৰ ৰাজপথৰ সমীপত দেখা গ’ল পৰিয়াল পোহপাল দিবলৈ সংগ্ৰামত ব্যস্ত থকা এজন শিশুক ৷ পদপথৰ জনপ্ৰিয় খাদ্য ফুচকা বিক্ৰীৰে পোহপাল দিছে পৰিয়ালক । সাতজনীয়া পৰিয়াল পোহপালৰ দায়িত্ব দীৰ্ঘদিনৰ পৰা বহন কৰি আহিছে এঘাৰ বছৰীয়া এই শিশুটিয়ে ৷ বিশেষভাৱে সক্ষম ককায়েকক আগবঢ়াইছে সহায়ৰ হাত ৷ প্ৰশ্ন হয় যিসময়ত শিশু শ্ৰমিকৰ ব্যৱহাৰ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ন ন আঁচনি, প্ৰণয়ন কৰিছে বিভিন্ন আইন, তেনে সময়তে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ আছে বহুসংখ্যক শিশু শ্ৰমিক ৷ শিশু শ্ৰমিক ৰোধৰ বাবে বিজ্ঞাপনৰ নামত চৰকাৰে খৰছ কৰে বৃহৎ পৰিমাণৰ ধন ৷ কিন্তু কাৰ্যত এই দিৱসে এতিয়াও ঢুকি পোৱা নাই ৰাজ্যৰ শতাধিক শিশুক ৷

লগতে চাওকঃ ১৭ বছৰেই পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলংঃ ৰাইজৰ দুৰ্ভোগ

Last Updated : Jun 13, 2020, 11:29 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.