ETV Bharat / state

Sexagenarian postgraduate student: 68 বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণৰ হেঁপাহ এগৰাকী মহিলাৰ - Nagaon exceptional lady

বয়সে বাধা দিব নোৱাৰা এগৰাকী 68 বছৰীয়া আইতা ৷ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি আইতাগৰাকীয়ে আকৌ হাতত তুলি লৈছে কিতাপৰ টোপোলা ৷ একালৰ বিজ্ঞান শাখাৰ স্নাতক আইতাগৰাকীয়ে বৰ্তমান পঢ়িবলৈ লৈছে কলা শাখাত ৷ বৰ্তমান 68 বছৰীয়া আইতাগৰাকী কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী (Grandmother become a postgraduate student)৷

Grandmother become a postgraduate student
বয়সে বাধা দিব নোৱাৰা এগৰাকী 68 বছৰীয়া আইতা
author img

By

Published : Apr 6, 2023, 9:12 PM IST

Updated : Apr 7, 2023, 8:56 PM IST

68 বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণৰ হেঁপাহ এগৰাকী মহিলাৰ

চামগুৰি, 6 এপ্ৰিল : শিক্ষাৰ গ্ৰহণৰ কোনো বয়স বা সীমা নাথাকে ৷ সেয়া লাগিলে আনুষ্ঠানিকেই হওক অথবা অনানুষ্ঠানিকেই হওক । ইয়াৰ বাবে প্ৰয়োজন মাত্ৰ একাগ্ৰতা আৰু আগ্ৰহৰ ৷ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ ইয়াৰ প্ৰমাণ দঙি ধৰিছে এগৰাকী 68 বছৰীয়া আইতাই (Sexagenarian woman wants to become postgraduate) ৷

ইচ্ছা থাকিলে চৰকাৰী অথবা বে-চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পাচতো যে, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পাৰি তাকেই যেন প্ৰমাণ কৰিছে এই 68 বছৰীয়া আইতাগৰাকীয়ে । আইতাগৰাকীৰ নাম বিশ্বেশ্বৰী খাটনিয়াৰ ৷ হাতত কিতাপ-বহী লৈ নিয়মীয়া ছাত্ৰী হিচাপে কলেজলৈ অহা-যোৱা কৰা এই আইতাগৰাকীয়ে নৱ প্ৰজন্মক দেখুৱাইছে আশাৰ বতৰা (Nagaon exceptional lady) ৷

নগাঁৱৰ বিদেশী ন্যায়াধীকৰণ কাৰ্যালয়ত ষ্টেন’গ্ৰাফাৰৰ দৰে দায়িত্বশীল পদত থাকি 2016 চনত অৱসৰ গ্ৰহণ কৰে বঢ়মপুৰৰ এইগৰাকী আইতা বিশ্বেশ্বৰী খাটনিয়াৰে ৷ ম’বাইল ফোনে উঠি অহা প্ৰজন্মক অধ্যয়নৰ প্ৰতি ধাউতি কমোৱাৰ সময়তে নগাঁও জিলাৰ বঢ়মপুৰ শান্তিবনৰ নিবাসী এইগৰাকী আইতাই দেখুৱাইছে আদৰ্শ ৷

তথ্য অনুসৰি, আমোলাপট্টি বালিকা বিদ্যালয়ত স্কুলীয়া জীৱনৰ পাতনি মেলিছিল বিশ্বেশ্বৰী খাটনিয়াৰে ৷ তাৰ পাচত নগাঁও চৰকাৰী হায়াৰ চেকেণ্ডেৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ ইয়াৰ পাচতে তেওঁ নগাঁও কলেজৰ পৰা বিএচি (BAC) পৰীক্ষাত উত্তীৰ্ণ হয় ৷

বি এচ চি পাচ কৰি চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰথমে শ্ৰীমন্ত শংকৰ মিশ্যনত আৰু পাচত বিদেশী ন্যায়াধীকৰণ কাৰ্যালয়ত কৰ্ম জীৱনৰ পাতনি মেলিছিল আইতা বিশ্বেশ্বৰী খাটনিয়াৰে ৷ কিতাপ পঢ়ি ভালপোৱা আৰু কিতাপকে প্ৰকৃত বন্ধুৰূপে গ্ৰহণ কৰা আইতাই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাচত আকৌ এবাৰ মন মেলিলে কলা শাখাত স্নাতক হোৱাৰ ৷ শিক্ষাই যে সকলো, শিক্ষা অবিহনে জীৱন যে একো নাই সেয়া প্ৰমাণ কৰি দেখুৱালে বিশ্বেশ্বৰী খাটনিয়াৰে (Grandmother become a postgraduate student) ৷

আজৰি সময়ত স্বামী আৰু বৰ জীয়ৰীৰ কলা শাখাৰ কিতাপ-পত্ৰবোৰ লিৰিকি-বিদাৰি থকা আৰু কিতাপৰ গোন্ধে আকৃষ্ট কৰা আইতাই অৱশেষত কলেজত নামভৰ্তি কৰিলে ৷ তাৰ পাচত আইতা বিশ্বেশ্বৰী খাটনিয়াৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ এইবাৰ নাম ভৰ্তি কৰিছে স্নাতকোত্তৰ মহলাত ৷

লগতে পঢ়ক : Assam Police: পূৰ্ণাংগ আৰক্ষীত পৰিণত হ’ল নৱ নিযুক্ত 1715 গৰাকী জোৱান

Last Updated : Apr 7, 2023, 8:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.