ETV Bharat / state

দিন দুপৰতে নগাঁৱৰ পুৰণিগুদামত চাঞ্চল্যকৰ চুৰিকাণ্ড

সোমবাৰে নগাঁৱৰ পুৰণিগুদামত সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড ৷ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ চৌহদৰ কোৱাৰ্টাৰৰ পৰা দিন দুপৰতে চোৰে লুটি নিলে কেইবা লক্ষাধিক টকাৰ লগতে সোণৰ আ-অলংকাৰ ৷

author img

By

Published : Feb 9, 2021, 7:42 AM IST

দিন দুপৰতে নগাঁৱৰ পুৰণিগুদামত চাঞ্চল্যকৰ চুৰিকাণ্ড
দিন দুপৰতে নগাঁৱৰ পুৰণিগুদামত চাঞ্চল্যকৰ চুৰিকাণ্ড

নগাঁও,9 ফেব্ৰুৱাৰী: দিনক দিনে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চুৰি-ডকাইটিৰ ঘটনা ৷ এই লৈ লোক সকল আতংকিত হৈ থকাৰ মাজতে সোমবাৰেও নগাঁৱৰ পুৰণিগুদামত দিন দুপৰতে সংঘটিত হ’ল এক চাঞ্চল্যকৰ চুৰিকাণ্ড। এইবাৰ চুৰিৰ স্থান পুৰণিগুদাম ৷ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ চৌহদৰ কোৱাৰ্টাৰৰ পৰা দিন দুপৰতে চোৰে লুটি নিলে কেইবা লক্ষাধিক টকাৰ লগতে সোণৰ আ-অলংকাৰ ৷ দুৰ্গেশ্বৰ হালৈ নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে এই চাফাই অভিযান ৷

উল্লেখ্য যে, বৰদোৱা দৰ্শনৰ বাবে গৈছিল দুৰ্গেশ্বৰ হালৈৰ পৰিয়ালটো ৷ কোনো নথকাৰ সুযোগ লৈ চোৰে ঘৰত শুমাই চোৰে লুটি নিলে নগদ ধনৰ লগতে মূল্যবান সামগ্ৰী ৷ পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ এই চুৰি কাণ্ডৰ সবিশেষ সংগ্ৰহৰ লগতে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷ ভুক্তভুগী পৰিয়ালটোৰ লগতে স্থানীয় লোকে স্নীফাৰ ডগ ব্যৱহাৰ কৰি চোৰক কৰায়ত্বৰ বাবে আৰক্ষীক জনাইছে দাবী ৷ ইফালে দিন দুপৰতে চুৰিকাণ্ড সংঘটিত হোৱাত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল ৷

লগতে পঢ়ক: বাইহাটা চাৰিআলিত এঘৰীয়া হ'ল এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.