ETV Bharat / state

ৰূপহীহাটত আৰক্ষীৰ জালত পিষ্টলসহ দুৰ্ধষ ডকাইত - A robber arrested with pistol in Rupahihat

ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে বিভিন্ন জিলাত সক্ৰিয় হৈছে চোৰ, ডকাইতৰ চক্ৰ ৷ ইয়াৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ৷ ইয়াৰ মাজতে ৰূপহীহাটৰ পৰা পিষ্টলসহ আটক হৈছে এটা দুৰ্ধষ ডকাইত ৷

a-robber-arrested-with-pistol-in-rupahihat
ৰূপহীহাটত আৰক্ষীৰ জালত পিষ্টলসহ দুৰ্ধষ ডকাইত
author img

By

Published : Aug 23, 2021, 10:53 PM IST

ৰূপহীহাট,23 আগষ্ট: ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে জাৰি কৰা নতুন নতুন নীতি তথা আংশিক লক-ডাউনৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত সক্ৰিয় হৈছে বিভিন্ন চোৰ,ডকাইতৰ চক্ৰ ৷ ইয়াৰ মাজতে দেওবাৰে নিশা ৰূপহীহাটত আৰক্ষীয়ে চলোৱা অভিযানত আটক হৈছে এটা দুৰ্ধষ ডকাইত ৷ গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত ৰূপহীহাটৰ কাছখাইটিত চলিছিল এই অভিযান ৷

আৰক্ষীৰ অভিযানত আটক হোৱা ডকাইতটোৰ নাম আজিজুৰ ৰহমান বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে এটা পিষ্টলসহ আটক কৰে ডকাইত আজিজুৰ ৰহমানক ৷ বৰ্তমান ৰূপহীহাট আৰক্ষীয়ে ডকাইতটোৰ সোধপোচ কৰি থকাৰ লগতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে ৷ তদন্তৰ অন্তত নগাঁৱত অব্যাহত থকা ডকাইতিৰ সন্দৰ্ভত আন কিবা তথ্য লাভ কৰাৰ থল আছে বুলি জনাইছে আৰক্ষীয়ে ৷

a-robber-arrested-with-pistol-in-rupahihat
ৰূপহীহাটত আৰক্ষীৰ জালত পিষ্টলসহ দুৰ্ধষ ডকাইত

উল্লেখ্য যে,কেৱল নগাঁৱতে নহয় শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সক্ৰিয় হৈছে চোৰ-ডকাইতৰ চক্ৰ ৷ এই সমূহ চক্ৰ উৎখাত কৰাৰ বাবে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ৰাজ কুন্দ্ৰাতকৈয়ো ভয়াৱহ জাল তেজপুৰৰ ৱাহিদৰ: হাজিৰ কৰিলে আদালতত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.