ETV Bharat / state

ঠিকাদাৰৰ গাফিলতিৰ বাবে নগাঁৱত যুৱকৰ মৃত্য়ু - আনন্দৰাম ঢেকিয়াল ফুকন

ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবেই নগাঁৱত এগৰাকী যুৱকে মৃত্যুক সাৱটিবলগীয়া হয় ৷ ৰাইজৰ অভিযোগ অনুসৰি, কোনো সতৰ্কতামূলক ব'ৰ্ড কিম্বা বেৰিকেড নলগোৱাকৈয়ে দলং নিৰ্মাণৰ বাবে খন্দা গাত উন্মুক্তভাৱে ৰাখিছে কৰ্তৃপক্ষই ৷ যাৰ বাবে সেই গাতত পৰি মৃত্য়ুক সাৱটি লয় এগৰাকী যুৱকে ৷

নগাঁৱত যুৱকৰ মৃত্য়ুনগাঁৱত যুৱকৰ মৃত্য়ু
নগাঁৱত যুৱকৰ মৃত্য়ু
author img

By

Published : Sep 18, 2020, 11:53 AM IST

Updated : Sep 18, 2020, 12:08 PM IST

নগাঁও, 18 ছেপ্তেম্বৰ: মৰণফান্দত পৰিণত হৈছে নগাঁও চহৰৰ এখন নিৰ্মীয়মান দলং ৷ কোনো সতৰ্কতামূলক ব'ৰ্ড কিম্বা বেৰিকেড নলগোৱাকৈয়ে দলং নিৰ্মাণৰ বাবে খন্দা গাত উন্মুক্তভাৱে ৰাখিছে কৰ্তৃপক্ষই ৷ যাৰ ফলত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক অঘটন ৷ দলং নিৰ্মাণৰ বাবে খান্দি থোৱা গাতটোত পৰি এগৰাকী লোকে সাৱটি লয় মৃত্যুক ৷ এই ঘটনাৰ পাচতে দলং নিৰ্মাণত ন্যস্ত কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰে স্থানীয় লোক ৷

ৰণি সৰকাৰ
ৰণি সৰকাৰ

স্থানীয় লোকৰ অভিযোগ অনুসৰি ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবেই এনে অনাকাংক্ষিত ঘটনা সংঘটিত হয় ৷ নগাঁও চহৰৰ মাজমজিয়াৰ আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ সমীপৰ নিৰ্মীয়মান আন এখন দলঙৰ ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৰাইজে শুকুৰবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ কোনো ধৰণৰ সাংকেতিক ব'ৰ্ড বা বেৰিকেড নলগোৱাৰ ফলত যোৱা নিশা ছামাদাৰ পট্টিৰ ৰণি সৰকাৰ নামৰ এগৰাকী লোক বাইকসহ সেই উন্মুক্ত গাতত পৰে আৰু মৃত্যুক সাৱটি লয় ৷ শুকুৰবাৰে পুৱাৰ ভাগতহে স্থানীয় লোকে বাইকসহ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে লোক গৰাকীৰ মৃতদেহ ৷ তাৰ পাচতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত ৷ ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে নগাঁও চহৰৰ মাজমজিয়াত ক্ষোভ উজাৰিলে সাধাৰণ ৰাইজে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত চক্ৰ বিষয়া আৰু আৰক্ষী উপস্থিত হৈ ৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ চক্ৰ বিষয়া আৰু আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালক ক্ষতিপুৰণ দিয়াৰ লগতে অভিযুক্তৰ বিৰুদ্ধে শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

ঠিকাদাৰৰ গাফিলতিৰ বাবে নগাঁৱত যুৱকৰ মৃত্য়ু

লগতে পঢ়ক: ধুবুৰীত টিপকাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

Last Updated : Sep 18, 2020, 12:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.