ETV Bharat / state

শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ শ্ৰমিকক আক্ৰমণ - শিলঘাট

মঙলবাৰে নিশা চতিয়াস্থিত এটা ডিপুত তেল ভৰাবলৈ যোৱা সময়তে শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ এগৰাকী কৰ্মচাৰীক আক্ৰমণ দুই যুৱকৰ ৷ কামিনী কাঞ্চন বৰুৱা আৰু ত্ৰিদীপ বৰুৱা নামৰ দুগৰাকী যুৱকে আক্ৰমণ কৰে বুলি জানিবলৈ দিয়ে ভুক্তভোগী পবিত্ৰ শইকীয়াই ৷

a labour of silghat jute mill attacked by two youths

author img

By

Published : Jul 1, 2020, 8:19 PM IST

কলিয়াবৰ, 1 জুলাই : মঙলবাৰে শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ এগৰাকী কৰ্মচাৰীক দুই যুৱকে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে নিশা মৰিগাঁৱৰ পবিত্ৰ শইকীয়া নামৰ কৰ্মচাৰী গৰাকীয়ে নিজৰ দুচকীয়া বাহনখনত তেল ভৰাবলৈ গৈছিল চতিয়াস্থিত তেল ডিপুলৈ ৷ তেনে সময়তে কামিনী কাঞ্চন বৰুৱা আৰু ত্ৰিদীপ বৰুৱা নামৰ দুগৰাকী যুৱকে তেওঁক আক্ৰমণ কৰে বুলি জানিবলৈ দিয়ে আঘাতপ্ৰাপ্ত লোক গৰাকীয়ে ৷ উল্লেখ্য যে, অভিযুক্ত দুই যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পবিত্ৰ শইকীয়া ৷

শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ শ্ৰমিকক আক্ৰমণ

আঘাতপ্ৰাপ্ত লোকগৰাকীক প্ৰথমাৱস্থাত জখলাবন্ধাৰ চিকিৎসালয়লৈ নিয়া হয় যদিও, পৰৱৰ্তী সময়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ দুই যুৱকে তেওঁক আক্ৰমণ কৰি লুটি নিয়ে মোবাইল ফোন আৰু মানিবেগ ৷ ভুক্তভগী লোকগৰাকীয়ে জানিব দিয়া মতে, মানিবেগত নগদ ধন থকাৰ উপৰিও আছিল তেওঁৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ ৷ বুধবাৰে অসম সমবায় মৰাপাট কল কৰ্মী সন্থাই, কলিয়াবৰৰ মহকুমাধিপতিক এই ঘটনাৰ লগত জড়িত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে ৷ আৰক্ষীৰ তদন্তত কলিয়াবৰ আৰক্ষী নিৱেশৰ অন্তৰ্গত বৰুৱাচুকৰ বাসিন্দা, দুই অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

অসম সমবায় মৰাপাট কল কৰ্মী সন্থাই, কলিয়াবৰৰ মহকুমাধিপতিলৈ প্ৰেৰণ কৰা স্মাৰক

লগতে পঢ়কঃ চিকিৎসাধীন লোকৰ মৃতদেহ উদ্ধাৰঃ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.