ETV Bharat / state

হাঁহ পালনেৰে জীৱিকাৰ পথ মোকলাইছে এগৰাকী সাংবাদিকে - ক‘ভিড মহামাৰী

ক’ভিড মহামাৰীৰ ফলত ৰাজ্যত দীৰ্ঘদিন ধৰি লক ডাউন অব্যাহত থকাত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে বিভিন্নজন ৷ এনে সময়তে নিজৰ লগতে আনৰো কৰ্ম সংস্থাপনৰ সুবিধা কৰি এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে হোজাইৰ এজন সাংবাদিকে ৷

A journalist from Hojai has become a role model for everyone in critical times
হাঁহৰ ফাৰ্ম
author img

By

Published : Sep 7, 2021, 11:03 AM IST

হোজাই, 7 ছেপ্তেম্বৰ : লক ডাউনৰ বাবে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে বহু লোক । বহুলোকে আকৌ কৰ্ম-সংস্থাপন হেৰুওৱাৰ ফলত জীৱিকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । এই সংকটৰ সময়ত সকলোৰে বাবে নিদৰ্শন হৈ পৰিছে হোজাই জিলাৰ ডবকাৰ সাংবাদিক আব্দুল হান্নান তালুকদাৰ ৷

A journalist from Hojai has become a role model for everyone in critical times
সংকটময় সময়ত সকলোৰে বাবে আদৰ্শ হৈ পৰিছে হোজাইৰ এজন সাংবাদিক

আব্দুল হান্নান তালুকদাৰে লক ডাউনৰ সময়তে ব্যক্তিগত প্ৰচেষ্টাৰে এখন হাঁহৰ লগতে হাঁহ পোৱালি উৎপাদন কৰিব পৰা ফাৰ্ম সাজি উলিয়ায় । প্ৰথমে অতি কম পুঁজিৰে আৰম্ভ কৰা হাঁহৰ ফাৰ্মখনত বৰ্তমান তিনিশৰো অধিক হাঁহ থকাৰ উপৰিও প্ৰায় দুশ হাঁহৰ কণী জমা হৈ আছে । ইয়াৰ উপৰিও তালুকদাৰে ফাৰ্মখনৰ কৰ্মত নিয়োজিত কৰিছে চাৰিজনকৈ লোক ।

তালুকদাৰে সম্প্ৰতি সাংবাদিকতাৰ লগতে প্ৰত্যেক দিনাই সমানে সময় দিয়ে ফাৰ্মখনত । বৰ্তমান ফাৰ্মখনৰ দ্বাৰাই পৰিয়ালটোৰ লগতে আন দুটাকৈ পৰিয়ালৰ কৰ্ম-সংস্থাপনৰ সুবিধা কৰি সুন্দৰকৈ পৰিয়াল পোহপাল দিছে সাংবাদিকগৰাকীয়ে । আব্দুল হান্নান তালুকদাৰে শিক্ষিত নিবনুৱা যুৱক-যুৱতীক এনেধৰণে কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিবলৈ আহ্বান জনায় ৷ যাতে নিবনুৱা যুৱক-যুৱতীসকলে কর্ম সংস্থাপনৰ অভাৱত ভুগিবলগীয়া নহয় ।

লগতে পঢ়ক : বঙ্গাল-বঙ্গালনী গ্ৰস্থ বিতৰ্ক : স্থিতি স্পষ্ট কৰিলে অধ্যাপক ড৹ প্ৰফুল্ল কুমাৰ নাথে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.