ETV Bharat / state

এখনি শুৱনি গাঁও গঢ়াৰ সোণালী হাবিয়াস এদল যুৱকৰ

author img

By

Published : Jul 14, 2021, 6:44 PM IST

আনন্দ চন্দ আগৱালাই শুৱনি আমাৰ গাঁও কবিতাত লিখিছিল ‘‘শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল-ফুল লাগে কত পাওঁ তলসৰা’’ ৷ তেনে এখন শুৱনি গাঁও গঢ়াৰ পণ লৈছে এদল যুৱকে ৷ নিজা শ্ৰমেৰে নিজ গাঁওখন ৰাজ্যৰ ভিতৰতেই নহয় দেশৰ ভিতৰতে এখন আদৰ্শ গাঁও গঢ়াৰ চেষ্টা যুৱকসকলৰ। প্ৰায় আঢ়ৈ কিলোমিটাৰ অঞ্চলজুৰি থকা গাঁওখনৰ পৰিস্কাৰ পৰিবেশে মুগ্ধ কৰিব আপোনাক ।

made model village
আদৰ্শ গাঁও গঢ়াৰ আশাৰে এডল যুৱক

নগাঁও, 14 জুলাই : গাঁৱৰ বৰ্ণনা গাঁৱৰ বন্দনা অসমীয়া গীত-নাট-সাহিত্যত সুন্দৰভাৱে প্ৰতিফলিত হোৱা আমি দেখা পাওঁ ৷ কবি-গীতিকাৰে গাঁৱৰ অপৰূপ সৌন্দৰ্যক ভিন্ন ধৰণে ৰূপ দছে নিজৰ সৃষ্টিত ৷ তেনে এখন সুন্দৰ গাঁও গঢ়াৰ বাবে নগাঁৱৰ এখন গাঁৱৰ এদল যুৱকে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । নিজা শ্ৰমেৰে নিজ গাঁওখন ৰাজ্যৰ ভিতৰতেই নহয় দেশৰ ভিতৰতে এখন আদৰ্শ গাঁও গঢ়াৰ চেষ্টা যুৱকসকলৰ ।

নগাঁৱৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ এখন অন্যতম গাঁও হৈছে গছপুৰীয়া গাঁও । প্ৰায় আঢ়ৈ কিলোমিটাৰ এলেকা সামৰা গাঁওখনৰ পৰিস্কাৰ পৰিবেশে মুগ্ধ কৰিব আপোনাকো । কৰ'ণাসৃষ্ট পৰিবেশৰ বাবেই জাৰি কৰা আংশিক লক ডাউনে একপ্ৰকাৰ কৰ্মহীন কৰি তুলিছে বহু যুৱকক । এনে পৰিবেশৰ মাজতেই সময়ৰ সদব্যৱহাৰ কৰি হাতীচুং মৌজাৰ গছপুৰীয়া গাঁৱৰ যুৱকসকলে আৰম্ভ কৰে গাঁওখন চাফ চিকুণ কৰাৰ কাম ।

made_model_village
আদৰ্শ গাঁও গঢ়াৰ আশাৰে এডল যুৱক

পুৱা গধূলি হাতত ঝাড়ু লৈ গাঁওখনৰ মূলপথ পৰিষ্কাৰৰ কাম আৰম্ভ কৰে যুৱকসকলে । এই যুৱক কেইজনে নিজৰ গাঁওখনত আৰম্ভ কৰা এনে কামত প্ৰশংসা কৰে গাঁওবাসীয়ে । যুৱকৰ দলটোক উৎসাহ যোগোৱাৰ উদ্দেশ্যে গাঁওখনৰ আন এজন উদ্যোমী যুৱক ৰাজীৱ বৰাই যুৱকৰ দলটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় ।

আদৰ্শ গাঁও গঢ়াৰ আশাৰে এডল যুৱক

গাঁওখনৰ এই সকল যুৱক একগোট হৈ নিজৰ গাঁওখন ৰাজ্যৰ ভিতৰতে নহয় দেশৰ ভিতৰতে এখন আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে । যুৱকসকলে নিজেই কৰা পৰিকল্পনা অনুসৰিয়েই গাঁওখনৰ আৰম্ভণিৰ পৰাই শেষলৈকে পথৰ দুয়োকাষে গছপুলি ৰোপনৰ কামো আৰম্ভ কৰে । বিভিন্ন ফল ফুলৰ গছ ৰোপন কৰাৰ লগতে গাঁওখনৰ তিনিআলি, চাৰি আলিত বাঁহৰ তোৰণ নিৰ্মাণ কৰিছে যুৱকলসকলে । পথৰ দুয়োকাষে এনেদৰে বাঁহেৰে নিৰ্মাণ কৰিছে বেৰিকেড ।

এদিন সঁচাকৈয়ে আদৰ্শ গাঁও হিচাপেই প্ৰতিষ্ঠা হ'ব নগাঁৱৰ হাতীচুঙৰ এইখন গছপুৰীয়া গাঁও । ফলে ফুলে জাতিষ্কাৰ হ’ব গাঁওখন । যুৱকসকলৰ সপোনে অতি শীঘ্ৰেই ল’ব বাস্তৱৰ ৰূপ ৷

লগতে পঢ়ক: এগৰাকী ব্যতিক্ৰমী ৰবৰৰ খেতিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.