ETV Bharat / state

কামপুৰত ৰাইজৰ ৰোষত মহিলা বেজ - কামপুৰত ৰাইজৰ ৰোষত মহিলা বেজ

কামপুৰৰ ঘিলানী গাঁৱত উত্তেজনাময় পৰিৱেশ । নিজকে বেজ বুলি পৰিচয় দিয়া এগৰাকী ভণ্ড মহিলাক আটক কৰে গাঁৱৰ ৰাইজে ।

কামপুৰত ৰাইজৰ ৰোষত মহিলা বেজ
author img

By

Published : Sep 14, 2019, 11:41 PM IST

বঢ়মপুৰ, 14 চেপ্তেম্বৰঃ কামপুৰৰ ঘিলানী গাঁৱত শনিবাৰে এগৰাকী মহিলাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। দীৰ্ঘদিন ধৰি গাঁওখনত বেজালিৰ নামত ভণ্ডামি কৰি অহাৰ অভিযোগত ঘিলানী গাঁৱৰ ৰাইজে এগৰাকী ভণ্ড মহিলাক আটক কৰে। তথ্যনুসৰি মহিলা গৰাকীয়ে বেজালিৰ মাধ্যমৰে ঘিলানী গাৱৰ একাংশ মহিলাক ৰোগীক চিকিৎসাৰ আশ্বাস দিছিল। গাওঁখনত বিগত কেইবাদিন ধৰি বহু লোকক চিকিৎসাৰ বিধান দি আহিছিল ভণ্ড মহিলা গৰাকীয়ে। ৰোগীক চিকিৎসাৰ বিনিময়ত হাঁহ-পাৰ আদি বিভিন্ন সামগ্ৰীৰ লগতে সহজ সৰল গাঁওবাসীৰ গাঁথিৰ ধন কৌশলেৰে লুটি আহিছিল চতুৰ মহিলা গৰাকীয়ে। মহিলাগৰাকীক কেন্দ্ৰ কৰি গাঁওখনৰ মহিলাসকলে যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰাত পৰিস্থিতি অনুধাৱন কৰি গাঁওখনৰেই কেইজনমান সচেতন ব্যক্তিয়ে উদ্ধাৰ কৰি সেই স্থানৰ পৰা পঠিয়াই দিয়ে ৷

Intro:কামপুৰৰ ঘিলানী গাঁৱত উত্তেজনাময় পৰিবেশ। এগৰাকী ভণ্ড মহিলাক আটক কৰে ঘিলানী গাৱৰ ৰাইজে।

Anchor = কামপুৰৰ ঘিলানী গাঁৱত উত্তেজনাময় পৰিবেশ। এগৰাকী ভণ্ড মহিলাক আটক কৰে ঘিলানী গাৱৰ ৰাইজে।জানিব পৰা মতে দীৰ্ঘদিন ধৰি বেজালিৰ নামত ভণ্ডামি কৰি আহিছিল মহিলা গৰাকীয়ে । মহিলা গৰাকীয়ে বেজালিৰ মাধ্যমৰে ৰোগীক চিকিৎসাৰ আশ্বাস দিছিল ঘিলানী গাৱৰ একাংশ মহিলাক ।গাওঁ খনত বিগত কেইবাদিন ধৰি বহু লোকক চিকিৎসাৰ বিধান দি আহিছিল ভণ্ড মহিলা গৰাকীয়ে। ৰোগীক চিকিৎসাৰ বিনিময়ত হাঁহ-পাৰ আদি বিভিন্ন সামগ্ৰীৰ লগতে ধন দাবী কৰিছিল ভণ্ড মহিলা গৰাকীয়ে। পিছত মহিলা গৰাকীৰ ভণ্ডামী ধৰা পৰাত ৰাইজে মহিলা গৰাকীক আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে যদিও ঘটনা স্থলীত উপস্থিত নহ'ল কামপুৰ আৰক্ষী। পৰৱৰ্তী গাঁৱৰ কেইজন মান সচেতন ব্যক্তিয়ে মহিলা গৰাকীক উদ্ধাৰ কৰি সেই স্থানৰ পৰা পঠিয়াই দিয়ে

Byte = স্থানীয় মহিলা।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.