ETV Bharat / state

ৰূপহীহাটত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী APDCLৰ অভিযন্ত্ৰা

author img

By

Published : Aug 18, 2021, 8:59 PM IST

কৰুণ এটা পথ দুৰ্ঘটনাই ৰূপহীটাত সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ ৷ নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মৰাৰ ফলতেই এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হৈছে ৷

ৰূপহীহাটত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী APDCLৰ অভিযন্ত্ৰা
ৰূপহীহাটত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী APDCLৰ অভিযন্ত্ৰা

ৰূপহীহাট, 18 আগষ্ট: এক ভয়ংকৰ দুৰ্ঘটনাই ৰূপহীহাট সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ ৷ পথ দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱাই এগৰাকী অভিযন্ত্ৰাই ৷ হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এপিডিচিএলৰ এগৰাকী অভিযন্তাৰ । মঙলবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুর্ঘটনাটো ।

ঘটনা অনুসৰি, নগাঁও বৈদ্যুতিক উপ-সংমণ্ডলৰ অভিযন্তা দেবদুলাল শৰ্মা আন দুই সহযোগীৰ সহিতে নিশা নলতলীৰ পৰা আহি আছিল নগাঁও অভিমুখে । AS-02-AE-1800 নম্বৰৰ চাৰিচকীয়া বাহনেৰে আহি থকা অৱস্থাত নলতলী-নগাঁও পথৰ বালিকাত দুৰ্ঘটনাত পতিত হয় বাহনখন । তীব্ৰ বেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মৰাৰ ফলতেই সংঘটিত দুর্ঘটনাটো হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ ক'ভিড নীতিৰ মাজেৰে পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

দুর্ঘটনাটোৰ ফলত নগাঁও বৈদ্যুতিক উপ-সংমণ্ডলৰ অভিযন্তা দেবদুলাল শৰ্মা থিতাতে নিহত হোৱাৰ লগতে বাহনখনত থকা আন দুজনকৈ লোক গুৰুতৰভাৱে আহত হয় । ইপিনে আহত লোক দুজনক নিশাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । লগতে নিহত অভিযন্তা দেবদুলাল শৰ্মাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় ।

সম্প্ৰতি পথ দুৰ্ঘটনাত এপিডিচিএলৰ অভিযন্তা দেবদুলাল শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে শক্তিমন্ত্ৰী বিমল বৰা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে বিভিন্ন দল সংগঠনে ।

লগতে পঢ়কঃ কৃষকৰ সমস্যা সামাধানৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি AJP ৰ গণ সত্যাগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.