ETV Bharat / state

চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ৭ম বাৰ্ষিক স্মৃতি দিৱস উদযাপন - jatindra kumarborgohai

অসমৰ এগৰাকী আগশাৰীৰ চিন্তাবিদ ৰূপে প্ৰতিষ্ঠা লাভ কৰা যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ আজি ৭ম বাৰ্ষিক স্মৃতি দিৱস ৷ স্মৃতি দিৱস উদযাপনৰ লগত সংগতি ৰাখি সমাধিস্থলত নিৰ্মাণ কৰা আৱক্ষ মূৰ্ত্তি, স্মৃতি উদ‍্যান আৰু প্ৰেক্ষাগৃহ উন্মোচন কৰে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই ৷

7th chintanayak jatindra kumar borgohai memory day at kaliabor
চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ৭ম বাৰ্ষিক স্মৃতি দিৱস উদযাপন
author img

By

Published : Dec 18, 2020, 2:08 PM IST

কলিয়াবৰ,18 ডিচেম্বৰ: আজি চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ৭ম বাৰ্ষিক স্মৃতি দিৱস ৷ অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী আৰু সমাজকৰ্মী, অসমৰ এগৰাকী আগশাৰীৰ চিন্তাবিদ ৰূপে প্ৰতিষ্ঠা লাভ কৰা যতীন্দ্ৰ কুমাৰ বৰগোহাঞি ১৯৫০ চনৰ ৮ চেপ্তেম্বৰত বৰ্তমানৰ কলিয়াবৰ মহকুমাৰ জখলাবন্ধাত জন্ম গ্ৰহণ কৰিছিল । তেখেতে অসমীয়া সাহিত্য জগতলৈ আগবঢ়াই থৈ যোৱা সৃষ্টি আৰু কৰ্মৰাজি অতুলনীয় ৷ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিয়ে তেওঁৰ জীৱন কালত বিভিন্ন বিষয়ৰ ৪৫ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰাৰ লগতে ১৫০ তকৈও অধিক গল্প ৰচনা কৰিছিল ৷ ১৯৮৯ চনত তেখেতৰ অসমৰ সাংস্কৃতিক ইতিহাস নামৰ গ্ৰন্থখনৰ বাবে দধি মহন্ত সোৱঁৰণি ন্যাসে বিষ্ণু ৰাভা বঁটা প্ৰদান কৰিছিল ৷ তেখেতে ৰচনা কৰা বহু কেইখন গ্ৰন্থই ইতিমধ্যে কেইবাটাও ভাৰতীয় ভাষালৈ অনুদিত হৈছে ৷

চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ৭ম বাৰ্ষিক স্মৃতি দিৱস উদযাপন

উল্লেখ্য যে, ২০১৩ চনৰ ১৮ ডিচেম্বৰ তাৰিখে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰা চিন্তানায়ক গৰাকীৰ ৭ম বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰা হয় কলিয়াবৰত ৷ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি প্ৰয়াত বৰগোহাঞিৰ সমাধিস্থলত নিৰ্মাণ কৰা আৱক্ষ মূৰ্ত্তি, স্মৃতি উদ‍্যান আৰু প্ৰেক্ষাগৃহ আজি আনুষ্ঠানিকভাবে উন্মোচন কৰে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই ৷ উন্মোচনী অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা তথা কলিয়াবৰৰ বিশিষ্ট ব‍্যক্তি তথা বিভিন্ন অনুষ্ঠানৰ বিষয়-ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: ৩০০ উদ্যোগীক ৪৫,০০০ টকা মূল্যৰ সঁজুলি বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.