ETV Bharat / state

চামগুৰি প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত ৭৪ হাজাৰ টকীয়া চাৰিটা বহুমূলীয়া গছপুলি !

author img

By

Published : Jun 24, 2022, 3:52 PM IST

এটা গছপুলিৰ মূল্য কিমান হ'ব পাৰে ? শুনিলে আচৰিত হ'ব যে ৭৩,৫২৯ টকা খৰচ কৰি ৰোপন কৰা হৈছে মাত্ৰ চাৰিটা গছৰ পুলি(Only four tree saplings have been planted for Rs 73529) । জানো আঁহক চৰকাৰী ধনৰ শৰাধ পাতি ক'ত চলিছে এই কাণ্ড ?

corruption in plantation in samguri
প্ৰায় ৭৪ হাজাৰ চৰকাৰী ধনৰ বিনিময়ত চাৰিটা গছপুলি ৰোপণ

ছামগুৰি,২৪ জুন: এক পাহাৰসম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে নগাঁও জিলাৰ চামগুৰিত । দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখা ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দিনতো এতিয়াও ৰাজ্যত একাধিক দুৰ্নীতি তথা কেলেংকাৰী সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে (Corruption in Samguri Panchayat) । এখন বিশেষ চৰকাৰী আঁচনিৰ ভিত্তিত চামগুৰি প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত সামাজিক বনানীকৰণৰ নামত ধাৰ্য্য কৰা ৭৩,৫২৯ টকাৰ বিপৰীতে ৰোপণ কৰা হৈছে কেৱলমাত্ৰ চাৰিটা গছপুলি (74000 worth of tree seedlings at premises of Primary Health Centre) ।

যোৱা ৫ জুন তাৰিখে শুভাৰম্ভ কৰা বনানীকৰণৰ চৰকাৰী আঁচনিখন ৰূপায়ন কৰাৰ ক্ষেত্ৰত চামগুৰি গাঁও পঞ্চায়ত তথা বাজিয়াগাঁও উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীয়ে বিয়াগোম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে । কেৱলমাত্ৰ চাৰিটা গছপুলি ৰোপণ কৰিয়েই আঁচনিখনৰ সমুদায় ধন সংশ্লিষ্ট কেইজনমান বিষয়া-কৰ্মচাৰীয়ে হৰলুকি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে স্থানীয় বহুজনে (Embezzlement of government money) ।

আনকি আঁচনিখনৰ সবিশেষ তথ্য সম্বলিত ফলকখনো অতি কৌশলৰে ৰাইজৰ দৃষ্টিগোচৰ নোহোৱাকৈ সেই স্থানত লগাইছে । এনে পৰিপেক্ষিতত স্থানীয় ৰাইজে চৰম ক্ষোভ প্ৰকাশ কৰি শাসনাধিষ্ঠিত চৰকাৰখনক এই দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্তৰে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে সংবাদ মাধ্যমৰ জৰিয়তে । অন্যথা অনাগত দিনত গাঁও পঞ্চায়তখনত সংঘটিত এনেবোৰ বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰিছে স্থানীয় একাংশ দল-সংগঠনৰ কৰ্ম-কৰ্তাই ।

লগতে পঢ়ক: Maharashtra crisis : বিধায়ক কিনা-বেচাৰ বিৰুদ্ধে ৰেডিশ্বন ব্লুত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.