কলিয়াবৰ, 26 জানুৱাৰী : আজি দেশে উদযাপন কৰে ৭৩ সংখ্যক গণৰাজ্য দিৱস । অসমৰ অন্যান্য প্ৰান্তৰ লগতে কলিয়াবৰতো অনুষ্টুপীয়াকৈ গণৰাজ্য দিৱস উদযাপন কৰা হয়(Republic day celebration at Kaliabor) । এই উপলক্ষে আজি কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক গান্ধী খেলপথাৰত গণৰাজ্য দিৱসৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে(Nagaon ADC flag hoisted on Republic Day 2022) ৷
পতাকা উত্তোলন কৰি ভাষণত বৰ্তমান চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি সম্পৰ্কে অৱগত কৰে উপায়ুক্তগৰাকীয়ে ৷ ইয়াৰ লগতে কৃষি, পথ-দলং, পানী, মহিলা কল্যাণ, সমাজ কল্যাণ, ৰাজহ, পঞ্চায়ত, দুৰ্যোগ প্ৰশমন, সমবায় আদি বিভাগৰ অন্তৰ্গত বিভিন্ন আঁচনিৰ জৰিয়তে কলিয়াবৰ মহকুমাৰ নাগৰিকে লাভ কৰা সুবিধাৰ বিষয়ে ভাষণ প্ৰসঙ্গত তেওঁ উল্লেখ কৰে ৷ সম্পূৰ্ণ ক'ভিড বিধি মানি সীমিত সংখ্যক ব্যক্তিৰ উপস্থিতিত পেৰেড কামাণ্ডাৰ আৰক্ষী উপ-পৰিদৰ্শক বিকু বৰ্মণৰ নেতৃত্বত অসম আৰক্ষীৰ জিলা প্লাট'ন আৰু ২য় বন সুৰক্ষা বাহিনী চিকনীয়ে তেওঁলোকৰ কুচ-কাৱাজ প্ৰদৰ্শন কৰে ৷
ইফালে গণৰাজ্য দিৱস উপলক্ষে কলিয়াবৰৰ মুক্তিযুঁজাৰুসকলৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷ লগতে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চিকিৎসালয়সমূহত ৰোগীসকলক মাজত ফল-মূল আদি বিতৰণ কৰে মহকুমা প্ৰশাসনে ৷
লগতে পঢ়ক : Republic Day Celebration in Golaghat : গোলাঘাটত উদযাপন 73 সংখ্যক গণৰাজ্য দিৱস