ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত 6 জুৱাৰী

author img

By

Published : May 20, 2021, 2:07 PM IST

Updated : May 20, 2021, 2:18 PM IST

জুৱাৰ আড্ডাৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ৷ জিলা আৰক্ষী অধীক্ষক হিচাপে আই পি এছ বিষয়া আনন্দ মিশ্ৰই যোগদান কৰাৰ পাচতেই বুধবাৰে নিশা নগাঁৱৰ সদৰ আৰু জাজৰি আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই 6 জনকৈ জুৱাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷

6 gamblers arrested in Nagaon
নগাঁও আৰক্ষীৰ জালত 6 জুৱাৰী

নগাঁও,20 মে': ৰাজ্যজুৰি সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতো নগাঁৱত একাংশ অসাধু লোকে অব্যাহত ৰাখিছে জুৱাৰ আড্ডা ৷ এনে আড্ডাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল নগাঁও আৰক্ষী ৷ জিলা আৰক্ষী অধীক্ষক হিচাপে আই পি এছ বিষয়া আনন্দ মিশ্ৰই যোগদান কৰাৰ পাচতেই জিলাখনত সংঘটিত হৈ থকা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ৷

নগাঁও আৰক্ষীৰ জালত 6 জুৱাৰী

বুধবাৰে নিশা নগাঁৱৰ সদৰ আৰু জাজৰি আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চলি থকা এটা জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে নগাঁৱৰ গৰৈমাৰীত আৰক্ষীৰ দলে অভিযান চলাই 6 জনকৈ জুৱাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰে আৰক্ষীৰ দলটোৱে ।

লগতে পঢ়ক: জখলাবন্ধা আৰক্ষীৰ জালত চাৰি চোৰাং চিকাৰী

Last Updated : May 20, 2021, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.