ETV Bharat / state

Earth day 2023: বিশ্ব পৃথিৱী দিৱস: ধুনীয়া এখন ধৰিত্ৰী সৃষ্টিৰ বাবে সকলোৱে বিনিয়োগ কৰো আহা

author img

By

Published : Apr 22, 2023, 1:55 PM IST

ধুনীয়া এখন ধৰিত্ৰী সৃষ্টিৰ বাবে সকলোৱে বিনিয়োগ কৰো আহা - ১৯৭০ চনৰ পৰা পৃথিৱীখন সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰম্ভ হোৱা পৃথিৱী দিৱসৰ 2023 বৰ্ষৰ থীম হ’ল এইটোৱে (Earth day 2023 theme Invest In Our Planet) ৷

53 rd Earth day celebration
আজি পৃথিৱী দিৱস
আজি পৃথিৱী দিৱস

কলিয়াবৰ, 22 এপ্ৰিল : মানৱ সভ্যতা যিমানে দ্ৰুত উন্নতিৰ ফালে ধাৱমান হৈছে সিমানে প্ৰকৃতিৰ অৱক্ষয়ী ৰূপ দেখিবলৈ পোৱা গৈছে ৷ সমান্তৰালভাৱে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰতো বহুতো ন ন প্ৰত্যাহ্বান দেখিবলৈ পোৱা গৈছে । ইয়াৰ ভিতৰত জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, খহনীয়া, জল প্ৰদূষণ, বনাঞ্চল ধ্বংস, দ্ৰুত ঔদ‍্যোগীকৰণ আদি প্ৰত্যাহ্বানসমূহেই প্ৰধান (Earth day 2023)।

এই দিশবোৰলৈ অৰ্থাৎ প্ৰকৃতি সম্পৰ্কে সজাগতা বিয়পাই দিয়াৰ উদ্দেশ্যেৰে প্ৰতি বছৰে ২২ এপ্ৰিলৰ দিনটো পালন কৰা হয় পৃথিৱী দিৱস হিচাবে । ১৯৬৯ চনত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত ইউনেস্কো সন্মিলনৰ সময়ত ২২ এপ্ৰিলৰ দিনটো পৃথিৱী দিৱস হিচাবে নিৰ্ধাৰণ কৰা হয় । শান্তি আৰু পৃথিৱীৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যৰে ২২ এপ্ৰিলৰ দিনটো সমগ্ৰ বিশ্বতেই উদযাপনৰ বাবে প্ৰস্তাৱ আগবঢ়ায় শান্তি কৰ্মী জন মেককনেলে ৷

সময়ৰ লগে লগে ন ন প্ৰত্যাহ্বানৰ মাজেৰে প্ৰকৃতি আৰু পৃথিৱী বাসোপযোগী কৰি ৰখাৰ বাবে আমি দায়বদ্ধ হ’ব লাগিব ৷ পৰিৱেশ সন্দৰ্ভত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় ২২ এপ্ৰিলৰ দিনটোত (earth day 2023 activities) ।

উন্নয়নৰ দৌৰত যাতে পৰিৱেশ সুৰক্ষাৰ দায়িত্ব ম্লান নহয় তাৰ বাবে পৃথিৱী দিৱসৰ ভূমিকা দিনক দিনে বৃদ্ধি হৈ অহা দেখিবলৈ পোৱা গৈছে আৰু সেয়েহে বৰ্তমান বিশ্বৰ ১৯২ খন দেশে এই দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰিছে । ই টিভি অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অসম বিজ্ঞান সমিতিৰ সম্পাদক ভূপেন শৰ্মাই কয় যে, বৰ্তমান আমাৰ গ্ৰহটোলৈ অহা ন ন প্ৰত্যাহ্বানবোৰ ফঁহিয়াই চাই এইবাৰ ধৰিত্ৰী দিৱসৰ আলোচ্য বিষয় হ’ল Invest In Our Planet অৰ্থাৎ গ্ৰহটো সুন্দৰ কৰি ৰাখিবলৈ সকলোৱে কিঞ্চিত হ’লেও সহায় আগবঢ়োৱা (Earth day theme 2023) ৷

উল্লেখ্য যে, এইবাৰ বিশ্ববাসীয়ে পালন কৰিছে 53 সংখ্যক পৃথিৱী দিৱস (53rd anniversary of earth day) ৷

লগতে পঢ়ক : ULFA I Cadre missing: আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰাৰ পিচতে নিৰুদ্দিষ্ট হৈ পৰিছে তিনিচুকীয়াৰ পলাশ; চাঞ্চল্য অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.