ETV Bharat / state

Covid-19 : নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ৫ শিক্ষাৰ্থী আক্ৰান্ত কৰ'ণাত - ক'ভিডত আক্ৰান্ত ছাত্ৰকেইগৰাকী সম্প্ৰতি সংকটমুক্ত

একেদিনাই কণিষ্ঠ মহাবিদ্যালয়খনৰ ৫ গৰাকী শিক্ষাৰ্থী আৰু অধ্যক্ষৰ দেহত ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি । সম্প্ৰতি হাস্পতালত ভৰ্তি কৰোৱা হৈছে শিক্ষাৰ্থীকেইজনক । শংকিত অভিভাৱকসকল ।

Covid
নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ৫ শিক্ষাৰ্থী আক্ৰান্ত কৰ'ণাত
author img

By

Published : Nov 14, 2021, 6:18 PM IST

নগাঁও, ১৪ নৱেম্বৰ : কৰ'ণাৰ (Corona) সংক্ৰমণ পূৰ্বতকৈ হ্ৰাস হৈছে যদিও শিশুসকলৰ ক্ষেত্ৰত ভাইৰাছ যথেষ্ট পৰিমাণে সংক্ৰমিত হোৱা দেখা গৈছে । ইতিমধ্যে বহু শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আক্ৰান্ত হৈছে কৰ'ণাত । উল্লেখ্য যে, কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় দুটা বছৰ বন্ধ আছিল ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । মহামাৰীৰ সংক্ৰমণ কিছু হ্ৰাস হোৱাৰ লগে লগে শিক্ষানুষ্ঠানসমূহত পাঠদান পুনৰ আৰম্ভ হৈছে ।

কিন্তু এইবাৰ শিক্ষাৰ্থীসকলৰ মাজত বৃদ্ধি হৈছে ক'ভিডৰ (Covid) সংক্ৰমণ । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰো একাংশ বিদ্যালয়ত দেখা গৈছে ভাইৰাছৰ সংক্ৰমণ । এইবাৰ নগাঁৱৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি । নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ (Ramanujan Junior College) অধ্যক্ষসহ পাঁচগৰাকীকৈ শিক্ষাৰ্থী আক্ৰান্ত হৈছে ক'ভিডত ।

শনিবাৰে ক'ভিড পৰীক্ষাৰ (Covid test) বাবে কনিষ্ঠ মহাবিদ্যালয়খনৰ ২৬ গৰাকী শিক্ষাৰ্থীৰ পৰা লোৱা হৈছিল নমুনা । ইয়াৰে ৫ গৰাকী ছাত্ৰৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । ক'ভিডত আক্ৰান্ত ছাত্ৰ কেইগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ (Nagaon Bhogeswari Phukanani Civil Hospital) ক'ভিড কেয়াৰ চেণ্টাৰত (Covid care centre) ভৰ্তি কৰোৱা হয় । অৱশ্যে ক'ভিডত আক্ৰান্ত ছাত্ৰকেইগৰাকী সম্প্ৰতি সংকটমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই ।

সম্প্ৰতি এই খবৰে নগাঁৱৰ লগতে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইফালে শেহতীয়াকৈ শিশুসকলৰ মাজত পুনৰ ক'ভিড-১৯ ৰ সংক্ৰমণ আৰম্ভ হোৱা বুলি ইটিভি ভাৰতৰ সন্মুখত মন্তব্য কৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে । তেওঁ জনোৱা মতে ক'ভিড-১৯ত আক্ৰান্ত এটি শিশুক ইতিমধ্যে সংকটজনক অৱস্থাত প্ৰেৰণ কৰিবলগীয়া হৈছে গুৱাহাটীলৈ ।

অৱশ্যে শিশুসকলৰ মাজত ভাইৰাছ সংক্ৰমিত হৈছে যদিও সংক্ৰমণ বহু বেছি বৃদ্ধি পোৱা নাই বুলিও তেওঁ উল্লেখ কৰে । লক্ষণীয়ভাৱে শিক্ষানুষ্ঠান আৰম্ভ হোৱাৰ পাছতে শিক্ষাৰ্থীসকল আক্ৰান্ত হোৱাৰ লগে লগে এতিয়া চিন্তাত পৰিছে অভিভাৱকসকল ।

লগতে পঢ়ক :বিগত চাৰিবছৰত হ্ৰাস পালে ৰাজ্যৰ লক্ষাধিক কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.