ETV Bharat / state

নগাঁৱৰ ৰূপহীহাটত 5 জনৰ দেহত ক’ভিড-19 পজিটিভ

author img

By

Published : Aug 12, 2020, 7:29 AM IST

মঙলবাৰে নগাঁৱৰ ৰূপহীহাটত 5 জন লোক আক্ৰান্ত হৈছে ক’ভিড-19ত ৷ প্ৰায় 70 জন লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা এই 5 জনৰ দেহত ধৰা পৰে ক’ভিড-19ৰ অৱস্থিতি ৷

5 new covid positive at Rupahihat Nagaon
নগাঁৱৰ ৰূপহীহাটত 5 জনৰ দেহত ক’ভিড-19 পজিটিভ

নগাঁও, 12 আগষ্ট: ৰাজ্যত প্ৰতিদিনে দ্ৰুত হাৰত ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁৱৰ ৰূপহীহাটতো বৃদ্ধি পাইছে ক’ভিড-19 পজিটিভ ৰোগীৰ সংখ্যা ৷ অন্য দিনাৰ দৰে জুৰীয়া,দগাঁও অঞ্চলত মঙলবাৰে 5 জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড-19ৰ অৱস্থিতি ৷ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এলেকাধীন চামধৰা এৰাবাৰী বজাৰত প্ৰায় 70 জন লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পাচত 5 জন লোকক ক'ভিড-19 পজিটিভ বুলি চিনাক্ত কৰা হয় ৷

জুৰীয়া চামধৰা গাঁৱৰ নাজিম আফছৰ,ৰিয়াজ উদ্দিন আহমেদ,লালুং গাঁৱৰ ছিৰাজুল ইছলাম,শিঙিয়া পথাৰ গাঁৱৰ মোস্তাফিজুৰ ৰহমান আৰু কান্ধুলিমাৰি গাঁৱৰ মোস্তাক হুছেইন আক্ৰান্ত হৈছে ক’ভিড-19ত ৷

উল্লেখ্য যে,দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই আটাইকেইজন আক্ৰান্ত লোকক হোম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক: নিউজ লাইভৰ সংবাদদাতা মৃদুল বৰুৱাৰ বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.