ETV Bharat / state

Nagaon Mass Marriage: সমাজক সাক্ষী কৰি নগাঁৱত একেলগে বিয়াত বহিল 42 যোৰা দৰা-কইনা - হোমৰ জুইক সাক্ষী কৰি

নগাঁৱত দেওবাৰে সম্পন্ন হ’ল সমূহীয়া বিবাহ ৷ হোমৰ জুইক সাক্ষী কৰি ধৰ্মীয় আৰু সামাজিক ৰীতি-নীতিৰে সম্পন্ন হ’ল 42 যোৰা দৰা কইনাৰ বিবাহ ৷ নগাঁৱৰ হুজ গাঁও বৰনাঘৰত সম্পন্ন হয় এই বিবাহ অনুষ্ঠান ৷

Nagaon Mass Marriage
সামাজক সাক্ষী কৰি নগাঁৱত একেলগে বিয়াত বহিল 42 যোৰা দৰা-কইনা
author img

By

Published : Jan 29, 2023, 6:25 PM IST

সামাজক সাক্ষী কৰি নগাঁৱত একেলগে বিয়াত বহিল 42 যোৰা দৰা-কইনা

নগাঁও, 29 জানুৱাৰী: নগাঁৱত অনুষ্ঠিত হ’ল এখন সমূহীয়া বিবাহ অনুষ্ঠান(Nagaon mass marriage) ৷ দেওবাৰে নগাঁৱৰ হুজ গাঁও বৰনামঘৰত সম্পন্ন কৰা হয় 42 যোৰা দৰা-কইনাৰ সমূহীয়া বিবাহ । সমূহীয়া বিয়া উপলক্ষে দেওবাৰে পুৱাই এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে নগাঁৱৰ হুজ গাওঁ বৰনামঘৰত ।

বিশেষকৈ বিয়াৰ বাবে উপযুক্ত বয়স হোৱাৰ পিছতো আৰ্থিক অসুবিধাৰ বাবে বিবাহ কাৰ্য সম্পন্ন কৰিব নোৱাৰা যুৱক-যুৱতীৰ বিবাহ সম্পন্ন কৰাৰ উদ্দেশ্যে হুজ গাওঁ বৰনামঘৰে আয়োজন কৰে সমূহীয়া বিবাহৰ । হুজ গাঁৱৰ বৰনামঘৰত ভকতৰ আশীৰ্বাদ গ্ৰহণ কৰি আজিৰে পৰা তেওঁলোকে পাতনি মেলিব নতুন জীৱনৰ(42 couples get married in Nagaon) । গীত, নৃত্য আৰু উৰুলিৰ মাজেৰে দৰা-কইনাৰ গাত মাহ, হালধি সানি নোৱোই-ধুৱাই ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন কৰা হয় বিবাহ ৷ হোমৰ জুইক সাক্ষী কৰি সম্পন্ন হ’ল 42খনকৈ বিয়া(Mass marriage in Nagaon) ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও হুজ গাঁৱৰ ৰাইজে হুজ গাওঁ বৰনামঘৰত সম্পন্ন কৰিছিল সমূহীয়া বিবাহ । আৰ্থিকভাৱে দুৰ্বল লোকসকলক সকাহ দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে নামঘৰ পৰিচালনা সমিতিয়ে ৷ প্ৰথমাৱস্থাত 45খন বিয়া একেলগে সম্পন্ন হোৱাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ তিনিখন বিয়া পিছুৱাই দিয়া হয় বুলিও উল্লেখ কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে ৷ এই সমূহ বিবাহত দৰা-কইনাৰ পৰিয়ালবৰ্গ তথা আত্মীয়ৰ লগতে উপস্থিত থাকে স্থানীয় বহুলোক ৷

আনহাতে, ৰাজ্যৰ বিভিন্ন স্থানতো এইদৰে সম্পূৰ্ণ সামাজিক নীতি-নিয়মেৰে সম্পন্ন কৰি অহা সমূহীয়া বিবাহ ৷ এনে বিবাহ অনুষ্ঠানত দৰা-কইনাৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰে আয়োজকসকলে ৷

ইফালে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া বিবাহ সন্দৰ্ভত কৰা মন্তব্য ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে(Assam CM on marriage) ৷ উপযুক্ত বয়স অৰ্থাৎ 22ৰ পৰা 30 বছৰ বয়সত বিবাহ সম্পন্ন কৰি সন্তান জন্ম দিব লাগে মন্তব্য কৰিছি মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্য এতিয়া চৰ্চিত হৈ পৰিছে সামাজিক মাধ্যমত ৷

লগতে পঢ়ক: CM Himanta Biswa Sarma: যিসকলে বিয়া কৰোৱা নাই সোনকালে কৰি লওক : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.