ETV Bharat / state

নগাঁৱত ১৮ গৰাকী ভাৰতীয় সেনাৰ দেহত কোভিড-19 পজিটিভ - নগাঁওত 37 জনকৈ লোকৰ দেহত কোভিড-19

দেওবাৰে দিনটোত নগাঁৱত 18 জনকৈ ভাৰতীয় সেনাসহ মুঠ 37 জনকৈ লোকৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷

author img

By

Published : Jun 21, 2020, 8:55 PM IST

নগাঁও, 21 জুন: ৰাজ্যজুৰি ভয়াৱহ ভাৱে বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ সমান্তৰালকৈ নগাঁও জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ দেওবাৰে দিনটোত নগাঁৱত 18 জনকৈ ভাৰতীয় সেনাসহ মুঠ 37 জনকৈ লোকৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে নগাঁৱত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা 455 জনলৈ বৃদ্ধি পাইছে ৷

নগাঁৱত ১৮ গৰাকী ভাৰতীয় সেনাৰ দেহত কোভিড-19 পজিটিভ

উল্লেখ্য যে, কোভিড-19 ৰ উপস্থিতি ধৰা পৰা সেনা কেইগৰাকী নগাঁৱৰ মিছাস্থিত ভাৰতীয় সেনা চাউনিত কোৱাৰেন্টাইন কেন্দ্ৰত কোৱাৰেন্টাইন হৈ আছিল ৷ ইয়াৰ পাছতে কোভিড-19 ত আক্ৰান্ত আটাইকেইজন সেনা জোৱানক তেজপুৰস্থিত সেনা বাহিনীৰ নিজা চিকিৎসালয়ত ভৰ্তি কৰে প্ৰশাসনে ৷ আনহাতে দেওবাৰে নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন হৈ থকা এজন সেনা জোৱানে পলায়ন কৰা বুলি উল্লেখ কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে ৷

লগতে পঢ়কঃ পিপিই কিটৰ প্ৰতিবন্ধকতা আঁতৰাবলৈ চৰকাৰক আহ্বান ভাৰতীয় পোচাক ৰপ্তানি উদ্যোগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.