ETV Bharat / state

কলিয়াবৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ভোগালীৰ উৰুকাত অথন্তৰ ৷ কলিয়াবৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে স্থানীয় ৰাইজে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ পতাহী বিলত প্ৰতি বছৰে ভোগালী বিহুৰ উৰুকাৰ পুৱাই মাছ মাৰে স্থানীয় লোকে ৷ ভোগালী বিহুৰ উৰুকাৰ পুৱা মাছ মাৰিবলৈ অনুমতি দিয়ে বনাঞ্চলৰ কৰ্তৃপক্ষই ৷ পিছে এইবাৰ নিৰাশ হ'ল মাছ ধৰিবলৈ অহা সহস্ৰাধিক ৰাইজ । নাপালে এটাও মাছ ৷ বন বিভাগৰ ষড়যন্ত্ৰৰ কাৰণে ৰাইজে এটাও মাছ নাপালে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

author img

By

Published : Jan 14, 2020, 11:02 PM IST

37 national highway blocked at kaliabor kaziranga
কলিয়াবৰত ৩৭ নং ৰাষ্ট্ৰীঘাই পথ অৱৰোধ

কলিয়াবৰ , 14 জানুৱাৰী : কলিয়াবৰৰ সমীপৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ পতাহী বিলত প্ৰতি বছৰে ভোগালী বিহুৰ উৰুকাৰ পুৱাই মাছ মাৰে স্থানীয় লোকে ৷ ভোগালী বিহুৰ উৰুকাৰ পুৱা মাছ মাৰিবলৈ অনুমতি দিয়ে বনাঞ্চলৰ কৰ্তৃপক্ষই ৷ শীতৰ প্ৰকোপকো নেউচি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলৰ লগতে বহু নিলগৰ পৰা মাছ ধৰাৰ আনন্দৰ উৎসৱত যোগ দিয়ে সহস্ৰাধিক লোকে ৷ পিছে এইবাৰ নিৰাশ হ'ল মাছ ধৰিবলৈ অহা সহস্ৰাধিক ৰাইজ । নাপালে এটাও মাছ ৷ তাতেই ক্ষোভৰ উদ্গীৰণ হ'ল মাছ ধৰিবলৈ যোৱা সাধাৰণ ৰাইজৰ । বন বিভাগৰ ষড়যন্ত্ৰৰ কাৰণে ৰাইজে এটাও মাছ নাপালে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

ৰাইজৰ মতে যিটো সময়ত অত্যাধিক মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজ কোঙা হৈ পৰিছে সেইসময়ত এনেদৰে পতাহী বিলত এটাও মাছ নোপোৱাতো সঁচাই দুখৰ কথা । সাধাৰণ ৰাইজক বন বিভাগে অন‍্যায় কৰিছে বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷ বন বিভাগে আগতীয়াকৈ মাছ ধৰি বিক্ৰী কৰে । আন এক সূত্ৰ মতে, হাতীৰে গছকাই মাছবোৰ আঁতৰলৈ লৈ যোৱাৰ লগতে বন বিভাগে পতাহী বিলৰ যি স্থানত মাছ ধৰিবলৈ অনুমতি দিয়ে সেই স্থান খৰালিৰ দিনতো পানীৰে উপচি থকাটো ৰহস্যজনক বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । শেহতীয়াকৈ আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই ৷

কলিয়াবৰত ৩৭ নং ৰাষ্ট্ৰীঘাই পথ অৱৰোধ

আৰু পঢ়ক : কলিয়াবৰত বন‍্যহস্তীৰ সন্ত্ৰাস

Intro:ভোগৰ ভোগালীৰ উৰুকাত অথন্তৰ

কলিয়াবৰত ৩৭ নং ৰাষ্ট্ৰী পথ অৱৰোধ

হেঁপাহৰ ভোগালী বিহুৰ উৰুকাৰ পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পতাহী বিলত মাছ ধৰিবলৈ অহা ৰাইজৰ ক্ষোভৰ উদ্গীৰণBody:কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চল অন্তৰ্গত পতাহী বিলত প্ৰতি বছৰে ভোগালী বিহুৰ উৰুকাৰ পুৱা কৰ্তৃপক্ষই মাছ ধৰিবলৈ অনুমতি দিয়ে। ভোগালীত এসাঁজ উদৰ পুৰাই খোৱাৰ হেঁপাহত তীব্ৰ শীতৰ প্ৰকোপকো নেউচি কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ কাষৰীয়া অঞ্চলৰ লগতে বহু নিলগৰ পৰা মাছ ধৰাৰ আনন্দৰ উৎসৱত যোগ দিয়েহি সহস্ৰাধিকে।
উৰুকাৰ পুৱা ডিফলু বিলত সহস্ৰাধিক লোকে মাছ ধৰি উৰুকাৰ ভোজলৈ আনন্দৰে লৈ যায় ৰৌ, বৰলী, চিতল, কুহি আন বহুতো মাছ।
পিচে এইবাৰ হ'ল ব‍্যতিক্ৰম। পুৱা প্ৰচণ্ড শীতক নেউচি মাছ ধৰিবলৈ নমা সহস্ৰাধিক ৰাইজ নিৰাশ হ'ল। নাপালে এটাও মাছ, নাপালে মানে নাপালেই। তাতেই ক্ষোভৰ উদ্গীৰণ হ'ল মাছ ধৰিবলৈ যোৱা সাধাৰণ ৰাইজৰ। বন বিভাগৰ ষড়যন্ত্ৰৰ কাৰণে ৰাইজে এটাও মাছ নাপালে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰি ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে। ৰাইজৰ মতে, যিটো সময়ত অত‍্যাধিক মূল‍্য বৃদ্ধিৰ ফলত সাধাৰণ ৰাইজ কোঙা হৈ পৰিছে সেইসময়ত এনেদৰে পতাহী বিলত এটাও মাছ নোপোৱাতো সঁচাই দুখৰ কথা। সাধাৰণ ৰইজক বন বিভাগে অন‍্যায় কৰিছে। কিয়নো অসমৰ্থিত সূত্ৰ মতে, বন বিভাগে আগতীয়াকৈ মাছ ধৰি বিক্ৰী কৰে। আন এক সূত্ৰ মতে হাতীৰে গছকাই মাছবোৰ আঁতৰলৈ লৈ যোৱাৰ লগতে বন বিভাগে পতাহী বিলৰ যি স্থানত মাছ ধৰিবলৈ অনুমতি দিয়ে সেই স্থান খৰালিৰ দিনতো পানীৰে উপচি থকাটো ৰহস‍্যজনক বুলি অভিযোগ কৰে।
কাৰণ যিয়েই নহওক হেঁপাহৰ ভোগালী বিহুৰ উৰুকাৰ দিনা এনেদৰে ৰাইজ ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হোৱাতো নিতান্ত‍্যই দুখৰ বিষয়।
শেহতীয়াকৈ আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই।Conclusion:Visuals
Bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.