ETV Bharat / state

ভিক্ষাৰীৰ গুদামত তিনি গভাইত চোৰ...তাৰ পিছত - increase in prices of essential commodities

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অনিয়ন্ত্ৰিত ভাৱে বৃদ্ধি পোৱাৰ লগে লগে একাংশ চোৰে লক্ষ্য কৰি লৈছে গেলামালৰ বিপনীসমূহ ৷ বিশেষ কৈ চোৰৰ চকু এতিয়া মিঠাতেলত ৷ সোমবাৰে কলিয়াবৰৰ জখলাবন্ধাত মিঠাতেল চুৰি কৰি ৰহাঘৰৰ আলহী হ'ল তিনিটাকৈ গভাইত চোৰ ৷

3-thieves-arrested-in-kaliabor
ভিক্ষাৰীৰ গুদামত তিনি গভাইত চোৰ...তাৰ পিছত
author img

By

Published : Jun 14, 2021, 6:20 PM IST

কলিয়াবৰ, 14 জুন: সাৱধান হওঁক ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ তথা বিশেষকৈ মিঠাতেলৰ মূল্য অনিয়ন্ত্ৰিত ভাৱে বৃদ্ধি পোৱাৰ লগে লগে একাংশ চোৰৰ লক্ষ্য হৈ পৰিছে এতিয়া গেলামালৰ দোকান ৷ কিয়নো কলিয়াবৰৰ জখলাবন্ধাৰ এখন গেলামালৰ দোকানৰ পৰা চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল তিনিটাকৈ গভাইত চোৰ ৷

জানিব পৰা মতে চোৰ কেইটাই জখলাবন্ধা চহৰৰ মাজ-মজিয়াৰ সুৰেশ ৰায় ওৰফে ভিক্ষাৰী নামৰ এজন ব্যৱসায়ীৰ গুদামত সোমাবাৰে পুৱতি নিশা সংঘটিত কৰিছিল এক চুৰি কাণ্ড ৷ এই চুৰিকাণ্ডত চোৰে লুটিছিল বৃহৎ পৰিমাণৰ মিঠাতেল আৰু ৰিফাইন তেল ৷ ভাগ্যক্ৰমে চোৰ কেইটাই গুদামটোৰ পৰা মিঠাতেল আৰু ৰিফাইন তেল লুট কৰি থকা সময়তে আৰক্ষীৰ জালত পৰে ধৃত চোৰ কেইটা ৷

ভিক্ষাৰীৰ গুদামত তিনি গভাইত চোৰ...তাৰ পিছত

আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে প্ৰথম অৱস্থাত এই চুৰিকাণ্ডৰ লগত জড়িত বিবেক ৰবি দাস নামৰ এটাচোৰক আটক কৰে জখলাবন্ধা আৰক্ষীয়ে ৷ ইয়াৰ পাচতে বিবেক দাসৰ স্বীকাৰোক্তিৰ অনুসৰি জখলাবন্ধা আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক মৃদুল দেৱনাথৰ নেতৃত্বত আন দুটা চোৰৰ সন্ধানত অভিযান চলাই আৰক্ষীয়ে ৷ অভিযানত জখলাবন্ধা থানাৰ অন্তৰ্গত কেৰিবাকৰিৰৰ পৰা জয় বাচফৰ(২০) আৰু মিটলেচ চাহানি(১৮) নামৰ আন দুটা চোৰক আটক কৰে জখলাবন্ধা আৰক্ষীয়ে ৷

স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰা অনুসৰি 1 বছৰৰ পূৰ্বৰে পৰা জখলাবন্ধা সমীপৰ অঞ্চলৰ কেইবাখনো গেলামালৰ দোকানৰ গুদামত ধৃত চোৰ কেইটাই চুৰিকাণ্ড সংঘটিত কৰি আহিছিল ৷ বৰ্তমানত উক্ত চুৰিকাণ্ডৰ সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৪৫৭/৩৮০ ধাৰাৰ অধীনত ৪০/২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:অসম বুকচ অফ ৰেকৰ্ডত উজলিল বাক্সাৰ যুৱকৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.