কলিয়াবৰ, 28 মে’: কলিয়াবৰত অচিৰেই নিৰ্মাণ হ’ব তিনিখনকৈ উচ্চ শিক্ষানুষ্ঠান ৷ চিকিৎসা বিষয়ক এখন শিক্ষানুষ্ঠান, আইন আৰু এখন আদৰ্শ স্নাতক মহাবিদ্যালয় স্থাপন কৰা হ’ব কলিয়াবৰত ৷ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা তথা কাৰিকৰী শিক্ষা আহৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ স্থাপন কৰা হ’ব এই শিক্ষা প্ৰতিষ্ঠান কেইখন ৷ শৈক্ষিক ক্ষেত্ৰত কলিয়াবৰক আগুৱাই নিয়াৰ চৰকাৰৰ চিন্তাৰ আধাৰত কলিয়াবৰত চিকিৎসা বিষয়ক শিক্ষানুষ্ঠান, আদৰ্শ স্নাতক মহাবিদ্যালয় আৰু আইন শিক্ষানুষ্ঠান স্থাপন কৰা হ’ব (Kaliabor News) ৷
জখলাবন্ধাত স্থাপন কৰা হ’ব এখন নাৰ্ছিং বিদ্যালয় ৷ এই নাৰ্ছিং বিদ্যালয়খনৰ শৈক্ষিক ভৱন আৰু শিক্ষাৰ্থীৰ আৱাসৰ লগতে ইয়াৰ চৌহদতে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ বাবে আৱাসিক ভৱনো নিৰ্মাণ কৰা হ'ব (Proposed Establishment of Educational Institutions) ৷
ইয়াৰোপৰি, উচ্চ শিক্ষা আহৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এখন আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ লগতে আইন শিক্ষা প্ৰত্যাশী শিক্ষাৰ্থীসকলৰ বাবে কলিয়াবৰত এখন আইন মহাবিদ্যালয় স্থাপন কৰা হ’ব ৷ আনহাতে, কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিছাত এখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ'ব ৷ শিক্ষানুষ্ঠানখন নিৰ্মাণৰ বাবে আৱন্টিত ভূমি পৰিদৰ্শন কৰি প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্যৰ বিষয়ে লোকনিৰ্মাণ (গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তা, বাগিছা পৰিচালনা কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে মন্ত্ৰী কেশৱ মহন্তই শনিবাৰে আলোচনা কৰে (Health Minister Keshab Mahanta) ৷
ইফালে এই প্ৰকল্পসমূহ নিৰ্মাণৰ বাবে নিৰ্ধাৰণ কৰা ভূমি পৰিদৰ্শন আৰু প্ৰাৰম্ভিক নিৰ্মাণকাৰ্যৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ, চক্ৰ বিষয়া আৰু লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে আলোচনাত মিলিত হয় ৷ শিক্ষাৰ ক্ষেত্ৰত কলিয়াবৰৰ বাবে চৰকাৰে লোৱা এই সিদ্ধান্তক ৰাইজে আদৰণি জনোৱাৰ লগতে এই পদক্ষেপ কলিয়াবৰৰ বাবে যথেষ্ঠ আশাপ্ৰদ বুলিও মন্তব্য কৰিছে ৷ (Minister Keshab Mahanta Visit Kaliabor) ৷