ETV Bharat / state

কেনে অৱস্থাত আছে কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনিখন ?

author img

By

Published : Jun 14, 2021, 8:35 PM IST

কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ বৰ্তমানৰ অৱস্থাই চকু কপালত তুলিব আপোনাৰ । আঁচনিৰ নামত নৈৰ বালিত পৰিছে এখন পৰিত্যক্ত বাৰাজ, বিকল যন্ত্ৰ-পাতি, পানীৰ মটৰ । কাৰ ভুলৰ বাবে বিকল হৈ পৰি আছে এই কোটি টকীয়া আঁচনি !

2nd Largest Irrigation Scheme of Asia at Kaliabor
কেনে অৱস্থাত আছে কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনিখন ?

কলিয়াবৰ, ১৪ জুন: জলসিঞ্চন বিভাগৰ দায়িত্বহীন কাণ্ডৰ প্ৰকৃত ছবিখন উদঙাইছে কলিয়াবৰৰ হাতীমূৰাৰ 'কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনি'য়ে । ১৯৭২ চনতে হাতীমূৰাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত স্থাপন কৰা হৈছিল এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ উত্তোলিত জলসিঞ্চন আঁচনিখন ।

কিন্তু এতিয়া কেৱল নামতহে আছে আঁচনিখন, কাৰ্যত আঁচনিখন ব্যৱহাৰযোগ্য হৈ থকা নাই । ৮৪৮০ হেক্টৰ কৃষিভুমিত পানী যোগানৰ লক্ষ্যৰে স্থাপন কৰা হৈছিল কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি । পৰৱৰ্তী সময়ত ১৯৭৭ চনত ২১ হাজাৰ হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষ্যৰে স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আচঁনি ।

পৰৱৰ্তী সময়ত আঁচনি দুখনক সংযোগ কৰি 'কলিয়াবৰ-কলং সংযোজিত উত্তোলন জলসিঞ্চন আঁচনি' নামেৰে নামকৰণ কৰা হয় । কিন্ত এতিয়া এই আঁচনিখনৰ মামৰে ধৰা যন্ত্ৰ-পাতি, বিকল পানীৰ মটৰকেইটাহে আছেগৈ । কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ বাৰাজখনৰ এতিয়া জৰাজীৰ্ণ অৱস্থা ।

বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই উচ্চ ক্ষমতাসম্পন্ন ৮ টা বৈদ্যুতিক মটৰ-পাম্পৰে পৰিপূৰ্ণ কোটিটকীয়া বাৰাজখন জহি খহি গৈছে । ২০১৮ বৰ্ষত হাতীমূৰাৰ ব্ৰহ্মপুত্ৰৰ বালিত জৰাজীৰ্ণ অৱস্থাত পৰি আছিল বাৰাজখন । মেৰামতি কৰাৰ পৰিৱৰ্তে কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ বাৰাজখন ভাঙিহে পেলালে জলসিঞ্চন আঁচনিয়ে । এতিয়া পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে বাৰাজখন আৰু উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক মটৰবোৰ ।

আনহাতে, বিগত সময়ছোৱাত আঁচনিখনৰ বিভিন্ন মেৰামতিৰ নামত বাৰ্ষিক মোটা অকংৰ ধন ব‍্যয় হৈছিল । পিছে আঁচনিখনহে অচল হৈ পৰিল । কৃষকৰ সুবিধাৰ্থে স্থাপন কৰা হৈছিল এই জলসিঞ্চন আঁচনিখন । কিন্তু এতিয়া এই আঁচনিখনৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে কলিয়াবৰ ৰাজহ চক্ৰৰ চতিয়াল, পূৱথৰীয়া আৰু বৰভগীয়া মৌজাৰ কৃষকসকলে ।

তিনিওটা মৌজাৰ মুঠ ১১,৭০১ হেজাৰ হেক্টৰ কৃষিভূমি আৰু ৮,৫৮৩ হেজাৰ হেক্টৰ এন আই ই মাটি সামৰি জলসিঞ্চনৰ বাবে ৯২,৮৯৬ কিলোমিটাৰ নলা নিৰ্মাণৰ জৰিয়তে হাজাৰ হাজাৰ কৃষকৰ কৃষিভূমি নষ্ট কৰি কৃষকক ভূমিহীন কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : বন্ধ হ’ল উজনিৰ একমাত্ৰ ধান ক্ৰয় কেন্দ্ৰ: কৃষকৰ মাজত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.