নগাঁও, 2 জুন: হোজাই জিলাৰ লংকাত চিকিৎসকক আক্ৰমণৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ দেশ ৷ জীৱনৰ নিৰাপত্তাক লৈ এতিয়া শংকা প্ৰকাশ কৰিছে চিকিৎসকসকলে ৷
মঙলবাৰে সংঘটিত চিকিৎসকক আক্ৰমণৰ নিন্দনীয় ঘটনাৰ প্ৰতিবাদত আজি অৰ্থাৎ বুধবাৰে সমগ্ৰ অসমতে বন্ধ থাকিব বহিঃবিভাগৰ চিকিৎসা সেৱা ৷ এই কথা এক বিবৃতিযোগে প্ৰকাশ কৰিছে অসম চিকিৎসা সেৱা সংস্থাই । আনহাতে, জৰুৰীকালীন সেৱা আৰু ক’ভিড কেন্দ্ৰত কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে নিজৰ কৰ্তব্য সম্পাদন কৰিব যদিও এইসকল চিকিৎসকে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰিব প্ৰতিবাদ ।
আনহাতে, হোজাই জিলাৰ লংকাৰ উদালিৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসক গৰাকীক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 24 জন অভিযুক্তক । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘটনাত জড়িত সকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পিছত মঙলবাৰে নিশাই হোজাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় 24 জনকৈ অভিযুক্তক । মহিলাসহ আটাইকেইজন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে ।
চিকিৎসক আক্ৰমণৰ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও । চিকিৎসকক আক্ৰমণ কৰা ঘটনাক নিন্দা কৰি ঘটনাত জড়িত আটাইকে আটক কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে সাংসদ গৰাকীয়ে । আনহাতে, নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক, স্বাস্থ্যকৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
লগতে পঢ়ক: অমানৱীয় লংকাকাণ্ড: চিকিৎসক প্ৰহাৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া